কাছাৰৰ যুৱতীক বিয়া পাতি অবৈধ ভাৱে অসমত থকা যুৱকক গ্ৰেপ্তাৰ

 07/21/2019 - 16:27

শিলচৰঃ ৯ বছৰৰ পৰা অবৈধভাবে অসমত থকা ৰহিংগীয়া যুৱকক কাছাৰত গ্ৰেপ্তাৰ। কাছাৰৰ এগৰাকী যুৱতীক বিয়া পাতি ভোটাৰ পৰিচয়, পানকাৰ্ড, বেংকৰ পাচবুকসহ ভাৰতীয় নাগৰিকৰ সকলো নথি প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে ৰহিংগীয়া নাগৰিক জনে বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছে শিলচৰ বেৰেংগা বাগদহৰৰ পৰা ৰহিংগীয়াজনক গ্ৰেপ্তাৰ কৰে। ধৃত ৰহিংগিয়া জনৰ নাম আলম হুচেইন মজুমদাৰ ওৰফে আলম হুচেইন চৌধুৰী বুলি তেওঁ জানিবলৈ দিছে। আনহাতে, ৰহিংগীয়াজনে বাংলাদেশ,পাকিস্তান চৌদি আৰৱ ভ্ৰমণ কৰি সম্প্ৰতি কাছাৰত বিয়া পাতি স্থায়ী ভাবে বসবাস কৰি আছে৷

আৰক্ষীৰ মতে, ৰহিংগীয়াজনে নিজকে ম্যানমাৰৰ নাগৰিক বুলি স্বীকাৰ কৰিছে৷ তেওঁৰ ঘৰ ম্যানমাৰৰ ৰাখাটন এলেকাৰ আইকুব বুধিডা গাঁৱত৷ নিপীড়নৰ সময়ত কেইবা বছৰ আগত ম্যানমাৰৰ পৰা পলায়ন কৰি প্ৰথমে বাংলাদেশৰ শৰণাৰ্থী শিৱিৰত আশ্ৰয় লৈছিল যদিও পিছত চৌদি আৰৱ, পাকিস্তান, আফগানিস্তান ভ্ৰমণ কৰি পুনৰ বাংলাদেশলৈ উভতি যায়৷

বাৰ বছৰৰ আগতে বাংলাদেশৰ পৰা কৰিমগঞ্জ সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি হাফলঙত আশ্ৰয় লোৱা ৰহিংগিয়া জনে কাছাৰৰ সোণাই সমষ্টিৰ বাগদহৰৰ আজিজুৰ ৰহমান লস্কৰৰ এগৰাকী জীয়ৰীক বিয়া পাতি কাছাৰত স্থায়ী ভাৱে থাকিবলৈ লয় বুলি ৰহিংগীয়াজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। ,

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।