দেৰগাঁৱত ছাত্ৰ সন্ধানহীন

 07/21/2019 - 17:01

দেৰগাঁওঃ দেৰগাঁৱৰ গেলাবিলৰ পাৰৰ এজন ছাত্র শনিবাৰৰ ৰাতিৰ পৰা সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে অৱগত কৰা অনুসৰি নিশা ভাত খাই শুই থকা দিপক কুৰ্মী নামৰ স্নাতকৰ ছাত্রজন ৰাতিপুৱা ৩ মান বজাৰ দেউতাকে বাহিৰলৈ উঠোতে তাৰ নিজৰ বিচনাত দেখা নাপাই চিঞৰ বাখৰ কৰে। বহু সময় ধৰি মাক, দেউতাকে পুত্ৰক বিছাৰি বিভিন্ন স্থান চলাথ কৰে কিন্তু পুত্ৰ দীপকৰ কোনো ধৰণৰ সম্ভেদ নাপালে। দীপকৰ দেউতাক প্ৰবীন কুৰ্মী এজন আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰী। দীপক দেৰগাঁৱৰ এজন চিকিসৎকৰ লগত সহকাৰী হিচাপে আজি বহু দিনৰ পৰা কৰ্মৰত আছিল। মাক দেউতাকৰ বহু বিছাৰ খোচৰৰ অন্তত পৰবৰ্তী সময়ত দীপকৰ চেণ্ডেলজোৰ ঘৰৰ পাছফালে গেলাবিল নদীৰ পাৰত প্ৰত্যক্ষ কৰে মাকে।

পুত্ৰৰ নিৰুদ্দেশৰ বিষয়ে দীপকৰ পৰিয়ালে দেৰগাঁও আৰক্ষীক খবৰ দিয়াত দেৰগাঁও আৰক্ষীয়ে প্ৰাথমিক তদন্ত অন্তত গেলাবিল নদীত আত্মহত্যা হোৱাৰ সন্দেহ কৰি দেৰগাঁৱৰ আৰক্ষীয়ে ঘটনাটোৰ গুৰুত্ব লৈ SDRF বাহিনীক খবৰ দিয়ে। SDRF বাহিনীয়ে গেলাবিল নদীৰ বিভিন্ন স্থানত সন্ধান চলাই যদিও যুৱকজনৰ কোনো ধৰণৰ সম্ভেদ লাভ কৰিব নোৱাৰিলে। অতিকৈ অমায়িক, কাৰো সতে হাই কাজিয়া নকৰা শিক্ষিত যুৱকজনৰ এনেদৰে অন্তৰ্ধান হোৱা ঘটনাই দেৰগাঁও অঞ্চলত তীব্ৰ চাঞ্চল্য বহন কৰিছে।

প্ৰকৃততে যুৱকজনে গেলাবিল নদীৰ পানীত জাপ দি আত্মহত্যা কৰিলে নে অন্য কিবা কাৰণত ঘৰৰ পৰা অন্তৰ্ধান হ’ল সেইয়া আৰক্ষীৰ অনুসন্ধানত পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব। বৰ্তমান সময়লৈকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।