07/21/2019 - 17:04
in
নাজিৰাঃ আজিৰে পৰা শিৱসাগৰ জিলা সত্ৰ মহাসভা আৰু সব্যসাচী কলাকেন্দ্ৰৰ যৌথ উদ্যোগত শ্ৰী শ্ৰী খাটপাৰ সত্ৰত ১০ দিনীয়া কাৰ্যসূচীৰে বৰগীত কৰ্মশালাৰ শুভাৰম্ভ হয়৷ পতাকা উত্তোলন কৰে সব্যসাচী কলাকেন্দ্ৰৰ সভাপতি প্ৰফুল্ল মহন্তই৷ কৰ্মশালাৰ উদ্বোধনী সভাত সভাপতিত্ব কৰে শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱাই৷
বন্তি প্ৰজ্বলন কৰে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক অজয় বৰুৱাই৷ এই সভাত ৰেৱকান্ত মহন্ত আৰু ৰেৱ নাথে বক্তব্য ৰাখে৷ সভাখন আঁত ধৰে শিৱসাগৰ জিলাসত্ৰ মহাসভাৰ সম্পাদক গৌতম কোঁচ আৰু সব্যসাচী কলাকেন্দ্ৰৰ সম্পাদক জ্যোতিষ্মান মহন্তই৷ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে কৃষ্ণ গোস্বামী আৰু অৰুণ বড়া। কৰ্মশালাৰ প্ৰথম দিনাই ২৬ জন প্ৰশিক্ষাৰ্থীয়ে সহযোগ কৰে।