অচিৰেই গুৱাহাটীত চলিব ইলেক্ট্ৰ'নিক চিটীবাছ

 03/26/2019 - 12:50

গুৱাহাটী:: অতি শীঘ্ৰে গুৱাহাটীত চলিব ইন্ধনবিহীন চিটীবাছ। ৰাজ্যত এতিয়া বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা। এই বাহনৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰদূষিত হৈ পৰিছে বায়ুমণ্ডল। যাৰ ফলত জনসাধাৰণৰ মাজত বৃদ্ধি পাইছে বিভিন্ন ৰোগ, ছালৰ সমস্যা আদিয়ে।

এই সমস্যাৰপৰা পৰিত্রাণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক অভিলাষী আঁচনি। মুম্বাই,লক্ষ্ণৌ,কলিকতা,জয়পুৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীত চলিব ইন্ধনবিহীন চিটীবাছ। প্ৰথমে ১৬ খন চিটীবাছ চলিব মহানগৰীত। ইতিমধ্যে,কৰ্ণাটকৰ মাৰ্কোপলত এই বাছকেইখনৰ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে।

৩১ গৰাকী যাত্রী বহিব পৰা এই বাছখন হ'ব সম্পূৰ্ণ শব্দবিহীন আৰু পেট্ৰ'লবিহীন। এখন বাছৰ বাবে প্ৰায় ৮৫ৰপৰা ৯০ লাখ টকাকৈ ব্যয় হ'ব বুলি জানিব পৰা গৈছে। ইন্ধন ৰাহি আৰু প্ৰদূষণ ৰোধ কৰিবলৈ এই বেটাৰীচালিত বাছখন বিশেষভাৱে সক্ষম হ'ব বুলি আশা কৰিছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।