মৰাণত জাপানীজ এনকেফেলাইটিছত শিশুৰ মৃত্যু

 07/21/2019 - 17:10

মৰাণঃ জাপানীজ এনকেফেলাইটিছ ৰোগে মৰাণত প্ৰাণ কাঢ়িলে এটি শিশুৰ। মৰাণ কচুমাৰি ঘিলাগুৰি নিবাসী অনিল গড়ৰ ৮ বছৰীয়া পুত্ৰ ৰাতুল গড় যোৱা নিশা অসম চিকিৎসা মহাবিদ্যালয়ত জাপানীজ এনকেফেলাইটিছ ৰোগত অকাল মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

তৃতীয় শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনক এই ৰোগত আক্ৰান্ত হোৱাত যোৱা ১১ জুলাইত ডিব্ৰুগড় এএমচি এইছত ভৰ্তি কৰিছিল। পাটসাঁকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উক্ত অঞ্চলটোত স্বাস্থ্য বিভাগে ডিডিটি ছটিওৱা বা ফগিং নকৰাৰ অভিয্যগ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।