নগাঁও জিলাত বানক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

 07/21/2019 - 17:15

লামডিংঃ হোজাই জিলাৰ বিশিষ্ট সমাজকৰ্মী তথা ডেকাগিৰি বঁটাৰে বিভূষিত লামডিঙৰ সুজিত সোমৰ নেতৃত্বত আজি নগাঁও জিলাৰ বহুত অঞ্চলত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।

বিশেষকৈ জিলাখনৰ লংকা আৰু হোজাই ৰাজহ চক্ৰৰ অধীনস্থ কেন্দুগুৰি বৰ নামঘৰ প্ৰাঙ্গণ, ৰাজবাৰী এম ই স্কুল, ৰাজবাৰী শিৱ মন্দিৰ আৰু পূব কান্ধুলিমাৰিস্থিত আশ্ৰয় শিবিৰ আৰু কামপুৰ আশ্ৰয় শিবিৰত বানপীড়িত ৰাইজৰ খা-খৱৰ লোৱাৰ লগতে ৰাইজক বিশুদ্ধ খোৱা পানীৰ বটল, বিস্কুট, বস্ত্ৰ আদি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে।

এই কাৰ্যসূচীত লংকাৰ গোপীনাথ জুনিয়ৰ কলেজৰ অধ্যক্ষা শশী প্ৰভা শইকীয়া আৰু লংকা কলেজৰ উপাধ্যক্ষ গুণেশ্বৰ শইকীয়া আৰু অন্যান্য লোক উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।