কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি

 07/21/2019 - 17:19

উত্তৰ গুৱাহাটীঃ ভাৰতীয় মজদুৰ সংঘৰ ভাৰতবৰ্ষৰ ভিতৰতেই এটি বৃহৎ শ্ৰমিক সংগঠন। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নীতি আদৰ্শৰে পৰিচালিত সংগঠনটোৰ লক্ষ্য দেশৰ শ্ৰমিক সমাজক একত্ৰিত কৰি শোষণমুক্ত কৰাৰ লগতে সুৰক্ষা প্ৰদান কৰা। এই মহান উদ্দেশ্য আগত ৰাখি ১৯৫৫ চনৰ ২৩ জুলাইত ভাৰতৰ স্বাধীনতা আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা লোকমান্য বাল গংগাধৰ তিলকৰ জন্ম দিনটোতে ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠা কৰা হয়।

ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাতা আছিল দত্তোপন্ত ঠেংগ্ৰে। অহা ২৩ জুলাইত কামৰূপ জিলা ভাৰতীয় মজদুৰ সংঘই উত্তৰ গুৱাহাটীত ৬৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাৰত ঘোঁৰামাৰা প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচী। গছ ৰোপণ কৰিব কণ্টেকচুৱেল টেকনিকেল লেৱাৰ ইউনিয়ন, আইআইটি গুৱাহাটী৷

সন্ধিয়া ৬ বজাত বাৰ্ষিক সভাখন উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হ’ব বুলি ভাৰতীয় মজদুৰ সংঘৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা মুহিতেশ্বৰ গোস্বামী, ৰঞ্জন কুমাৰ শৰ্মা, জিন্তুমনি শৰ্মা আৰু উজ্জ্বল ভট্টাচাৰ্যই জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.