লক্ষীপুৰৰ ধামৰ বিলৰ পৰা উদ্ধাৰ অৰ্ধগলিত যুৱতীৰ মৃতদেহ

 07/21/2019 - 17:34

লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধামৰ বিলত আজি এটি অৰ্ধগলিত যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই লক্ষীপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আজি ধামৰ বিলত হাজোঙ পাৰা গাঁৱৰ ব্যক্তি এগৰাকীয়ে মাছ ধৰি থাকোতে যুৱতী এগৰাকীৰ অৰ্ধগলিত মৃতদেহ প্ৰত্যক্ষ কৰে। এই খবৰটো লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্লভ চন্দ্ৰ দাসে পোৱা মাত্ৰেই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনে। এই সন্দৰ্ভত তদন্ত চলাই মৃতদেহটো চিমলাবাৰী গাঁৱৰ মৃত হাচেম আলীৰ কন্যা খুৰ্শিদা খাতুন (১৮) বুলি চিনাক্ত কৰে।

আমাৰ হাতত পৰা তথ্য মতে বাপুৰভিটাৰ দ্বিতীয় খণ্ড নলঙাপাৰা গাঁৱৰ জালাল উদ্দিনৰ পুত্ৰ ৰেজাউল হকে এবছৰ মান পূৰ্বে মবাইলৰ ৰং নম্বৰৰ জৰিয়তে সিমলাবাৰীৰ খুৰ্শিদা খাতুনৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। লাহে লাহে সিহতৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পিছত ৰেজাউল হকৰ পৰিয়ালৰ লোকেো এই সন্দৰ্ভত অৱগত হয়৷ যোৱা ১৫ জুলাই তাৰিখে খুৰ্শিদাৰ বিধৱা মাতৃ দিন হাজিৰা কৰি সন্ধিয়া ঘৰলৈ উভতি আহি কন্যা খুৰ্শিদাক ঘৰত নাপাই বিভিন্ন স্থানত খবৰ কৰে ।

বাপুৰভিটাৰ ৰেজাউল হকৰ ঘৰতো খবৰ কৰে যদিও তাতো নাই বুলি শুনি হতাশাত ভাগি পৰে। শেষত যোৱা ১৮ জুলাইত ৰেজাউল হকে খুৰ্শিদা খাতুনক অপহৰণ কৰা বুলি এটি গোচৰ ৰুজু কৰে। আজি উদ্ধাৰ হোৱা খুৰ্শিদাৰ মৃতদেহটোৰ পিঠিৰ ফালে তিনিটাকৈ ক্ষত চিহ্ন পৰিলক্ষিত হৈছে। হত্যাৰ পূৰ্বে তাইক ধৰ্ষণ কৰিব পাৰে বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰে। পৰিয়ালৰ লোকে লগতে ব্যক্ত কৰে যে প্ৰেমিক ৰেজাউল হকে বিবাহৰ চলনাৰে খুৰ্শিদা খাতুনক মাতি নি অপহৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।