বৰপেটাৰ ভেল্লাত জিলা উপায়ুক্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন

 07/21/2019 - 17:44

ভেল্লাঃ ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিয়ে অধিকাংশ পৰিয়ালক জুৰুলা কৰাৰ সময়ত সমান্তৰালভাবে বৰপেটা জিলাতো হাজাৰ হাজাৰ পৰিয়াল বানৰ কবলৰ পৰা পৰিত্ৰাণ বিচাৰি আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰে। এই দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাজ্য চৰকাৰে সাহায্য দিয়াৰ ঘোষণা কৰাত বানাক্ৰান্তসকলে কিছু সন্তোষ প্ৰকাশ কৰিছে যদিও ঠাই বিশেষে বান সাহায্য আৰু যাৱতীয় সুবিধা প্ৰদানৰ ক্ষেত্ৰত কিছু দুৰ্নীতি হোৱা দেখা গৈছে।

এইক্ষেত্ৰত বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। উপায়ুক্তগৰাকীয়ে জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে ভেল্লাৰ আশ্ৰয় শিবিৰতো আজি নিজেই পৰিদৰ্শন কৰাৰ লগতে বানাক্ৰান্তসকলে পাবলগীয়া সা-সুবিধাকলৈ কঠোৰ পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হয়। আজি উপায়ুক্তগৰাকীয়ে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয় লোৱা বানাক্ৰান্তসকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে ঘোষণা কৰা সাহায্যসমূহ অতি সোনকালে প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

উক্ত আশ্ৰয় শিবিৰত উপায়ুক্তগৰাকীৰ লগতে অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল কুমাৰ দাস, অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, বৰপেটা জিলা বিজেপিৰ উপ-সভাপতি হেমন্ত কুমাৰ দেউৰী আৰু বিজেপি নেতা ধনী আলীয়ে উপস্থিত হৈ বানাক্ৰান্তসকলৰ পৰিস্থিতিৰ বুজ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।