বছৰ বছৰ ধৰি উপেক্ষিত এটা অঞ্চলঃ এখন বিধ্বস্ত দলঙে কন্দুৱাইছে ৰাইজক

 07/21/2019 - 17:53

কাকপথাৰঃ বিকশিত অসম, পৰিবৰ্তনশীল অসম, উন্নয়নশীল অসম৷ শুনিলে এনে লাগে যেন আমি আজিৰ অসমৰ বাসিন্দা নহয়, এখন সম্পূৰ্ণ আধুনিকতাৰে ভৰা চৌদিশে প্ৰযুক্তিবিদ্যাৰে আগুৰি থকা এখন নতুন অসমৰ বাসিন্দা৷ কিন্তু এইয়া যে মাথোঁ কাগজে-কলমে বা নেতা-মন্ত্ৰীৰ ভাষণতহে সীমাবদ্ধ সেইয়া প্ৰমাণিত হৈছে ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাই গাভৰু নামৰ এটা অঞ্চলত৷ সৰু-বৰ কেইবাখনো গাঁও লগ হৈ ৰুমাই গাভৰু নামেৰ জনাজাত এই অঞ্চল৷

কাকপথাৰৰ পৰা বা কুমচাং গাঁও পঞ্চায়তৰ পৰা আৰু কাকপথাৰ উন্নয়ন খণ্ডৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ক্ষুদ্ৰ চাহ বাগিছাৰে আবৰি থকা এই ৰুমাই গাভৰু অঞ্চল৷ চাহ ব্যৱসায়ৰ পূৰ্ণ সম্ভাৱনা থকা এই ঠাইৰ বাসিন্দাসকল আজিও যেন আধুনিকতাৰ পৰা বহু দূৰত৷ কোনো এখন চৰকাৰৰ প্ৰতিনিধিৰ চকুত নপৰে যেন এই অঞ্চল৷ দীৰ্ঘ দিনে সন্মুখীন হৈ আহিছে ৰাষ্টা-ঘাট, দলং আদিৰ বিভিন্ন সমস্যাৰ৷ শেহতীয়াকৈ এই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ উত্তেজিত হৈ উঠিছে৷ ক্ষোভ উজাৰিছে স্থানীয় বিধায়ককে ধৰি পঞ্চায়তৰ বিষয়া প্ৰতিনিধিসকলৰ ওপৰত৷

অভিযোগ আনিছে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ৷ স্বাধীনতাৰ কালৰে পৰা সম্পূৰ্ণ বিধ্বস্ত ৰাইজৰ ধনেৰে নিৰ্মাণ কৰি অহা ডুমডুমা নদীৰ ওপৰৰ এখন বাঁহৰ দলং৷ যিখন দলঙৰ বাবে বছৰ বছৰ ধৰি আবেদন জনাই আহিছে স্থানীয় বিধায়ক, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইজন জিলা উপায়ুক্তক৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে আজিকোপতি কোনো ধৰণৰ সুফল নাপালে স্থানীয় বাসিন্দাই৷ প্ৰায় ১৫ খন গাঁৱৰ লোকে অহা যোৱা কৰা ৰুমাই গাভৰুৰ পৰা ফিলবাৰী গড়কাপ্টানি পথ সংযোগী একমাত্ৰ সম্বল এইখন দলং৷ যি খন দলঙেদি কাষতে থকা ডুমডুমা নগৰলৈ ৰুমাই গাভৰু মাজগাঁও হৈ দূৰত্ব মাত্ৰ ২০ মিনিটৰ৷

কিন্তু এই ২০ মিনিটৰ দূৰত্বও যেন এপষেক হয় তেওঁলোকৰ বাবে৷ কাৰন এই দলং খনৰ ওপৰেদি বাইচাইকেল কান্ধত ভাৰ বান্ধি নিয়া পৰিলক্ষিত হৈছে৷ খোজ কাঢ়ি গ’লেও যেন সম্পূৰ্ণ বিপদ বুকত লৈ যাত্ৰা কৰিবলগীয়া হয় এই দলঙেদি৷ তেনে ক্ষেত্ৰত কোনো ধৰণৰ বাহন যাব পৰা বিষয়টো যেন এক অবিশ্বাস্য সপোন৷

ৰোগীসকলক পাচিত ভাৰ বান্ধি নিবলগীয়া হয় এই অঞ্চলৰ ৰাইজে৷ এই দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু ঘটিছে লগতে প্ৰায়ে ইয়াৰ পৰা পৰি বিভিন্নজনৰ হাত ভৰিও ভাঙিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ শেহতীয়াকৈ শাষনাধিস্থ বিজেপি চৰকাৰ, ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক দূৰ্গা ভুমিজ আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ লগতে চৰকাৰ, স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।