হাউলীত আমছুৰ শ্বহীদ স্মৃতিচাৰণ সভা সম্পন্ন

 07/21/2019 - 18:20

হাউলীঃ জাতীয় স্বাৰ্থত প্ৰাণ আহুতি দিয়া চাৰি গৰাকী বীৰ শ্বহীদক স্মৰণাৰ্থে আজি বৰপেটা জিলা আমছুৰ উদ্যোগত আৰু হাউলী নগৰ আঞ্চলিক আমছুৰ সহযোগত হাউলীস্থ জামিয়া-ই-উলুম মাদ্ৰাছা প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে এখন শ্বহীদ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়| কাৰ্যসূচী অনুসৰি পুৱা দহ বজাত কোৰান খতম, দিনৰ বাৰ বজাত জিলা আমছুৰ সভাপতি নজৰুল ইছলামৰ পৌৰোহিত্যত স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।

সভাত আমছুৰ প্ৰাক্তন সভাপতি আব্দুৰ ৰহিম আহমেদ, প্ৰাক্তন উপ সভাপতি আবু তাহেৰ, জিলা আমছুৰ উপদেষ্টা মইনুল হক খান, আমছুৰ উপ সভাপতি দ্বয় মহিবুৰ ৰহমান, আবুল হুছেইন, আমছুৰ প্ৰাক্তন শিক্ষা সম্পাদক ছাহজাহন আলী আহমেদ, হোমাৰ অধ্যক্ষ আঃ আজিজ, আমছুৰ সহ সাঃসম্পাদক নুৰজামাল ইছলাম, সম্পাদক মনিৰুজ জামান, আমছুৰ প্ৰাক্তন কৰ্মী আমিতাভ ঘোষকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকি আজিৰ দিনটোক স্মৰণ কৰি বক্তব্য আগবঢ়ায়।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ পাইলট প্ৰজেক্টত থকা আঁসোৱাহসমূহ দূৰ কৰি এখনি শুদ্ধ এনআৰচি প্ৰস্তুতকৰণৰ দাবীত বিগত ২০১০ চনৰ ২১ জুলাই তাৰিখে সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন "আমছুৰ" বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল।

উক্ত গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰা লক্ষাধিক প্ৰতিবাদকাৰী আৰু আমছুৰ সমৰ্থকক তদানীন্তন কংগ্ৰেছ চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্বিচাৰে গুলিবৰ্ষণ কৰাত ডেৰ শতাধিক প্ৰতিবাদকাৰী আহত হোৱাৰ উপৰি মাজম আলী, খন্দকাৰ মতলেব, মাইদুল ইছলাম আৰু ছিৰাজুল ইছলাম নামৰ চাৰিজন প্ৰতিবাদকাৰী থিতাতে নিহত হৈছিল।

উক্ত সভাত চাৰি শ্বহীদ পৰিয়ালক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে সভাত আদৰণি ভাষন দিয়ে জিলা আমছুৰ কাৰ্যকৰী সভাপতি ছফিউৰ ৰহমানে। সভাৰ অন্তত সমূহীয়া দোৱা আৰু মোনাজাত পৰিচালনা কৰে হাফিজ ফজলুৰ ৰহমানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।