আমিনগাঁৱত বৰ্বৰ  স্বামীৰ অত্যাচাৰঃ পত্নীৰ সৰ্বশৰীৰত চিগাৰেটৰ জুইৰ দাগ আৰু ব্লেডৰ আঁচোৰ

 07/21/2019 - 18:21

উত্তৰ গুৱাহাটীঃ অবৰ্ণনীয়, অমানুষিক আৰু নিৰ্মম৷ আমিনগাঁৱৰ মধ্যম বস্তিত বোৱাৰী নিৰ্যাতনৰ শিহৰণকাৰী ঘটনা। পাঁচ বছৰীয়া শিশুৰ মাতৃৰ সৰ্বশৰীৰত তেজৰ চেঁকুৰা। আছে ব্লেডৰ আঁচোৰ আৰু মানসিক নিৰ্যাতনৰ চাপ। বলপূৰ্বক মুখত সুৰা ঢালি অসৎ কাৰ্য্য কৰিবলৈ বাধ্য পত্নীক।  তাতোকৈ ভয়ানক জ্বলি থকা চিগাৰেটৰ টুকুৰা শৰীৰত নিক্ষেপ। স্বামীৰ কথা নুশুনিলে  মুখত প্ৰস্ৰাব ঢালি বন্য উল্লাস।আমিন গাওঁ মধ্যম বস্তিত সভ্য সমাজৰ মুখত ছাই সনা ঘটনা। এগৰাকী শিক্ষয়ত্ৰীৰ পুত্ৰৰ বন্য জন্তুৰ আচৰণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আমিন গাঁৱত।

নিপন কুমাৰ দাস (৩০) নামৰ এজন মানুহৰূপী  জানোৱাৰৰ আচৰণ দেখিলে আপোনাৰো থু পেলাবলে মন যাব। ছয় বছৰৰ পূৰ্বে  নিপন দাসে  অনাথ জোনমণি দাসক পত্নী হিচাপে গ্ৰহণ কৰিছিল। উজান বজাৰৰ এঘৰত আশ্ৰিত  জোনমণিৰ আমিন গাঁৱৰ নিপন দাসৰ সৈতে প্ৰণয় পাশত আৱদ্ধ হৈছিল। দুয়োৰে যুগ্ম জীৱনৰ চিন হিচাপে  আছে এটি পাঁচ বছৰীয়া কন্যা সন্তান। ইমানলৈ ঠিকেই আছিল৷ কিন্তু ইয়াৰ মাজতে সংসাৰত কেৰোণ লগালে আন এগৰাকী ছোৱালীয়ে।  বিবাহিত নিপনৰ প্ৰেমত পৰিল এগৰাকী ছোৱালী আৰু আৰম্ভ হ'ল সংসাৰত অথন্তৰ। নীলা ছবিৰ আৰ্হিত জীৱন যাপন নকৰাৰ চৰম শাস্তি ভুগিলে অনাথ জোনমনিয়ে ।

স্বামী হোৱাৰ  খাতিৰত সকলো নীৰবে সহি গ’ল জোনমনিয়ে। স্বামীৰূপী দানৱৰ পাশৱিক নিৰ্যাতনত  ধৰ্য্যৰ বান্ধ ছিগিল জোনমণিৰ।  স্থানীয় আৰু এছ এছ কৰ্মীৰ সহযোগত  সহায় বিচাৰি উপস্থিত হ'ল আমিন গাওঁ আৰক্ষী চকীত।   নিপনৰ পৰিয়ালৰ ভাবুকিক কেৰেপ নকৰি আমিন গাওঁ আৰক্ষী চকীত  জোনমণি দাসে গোচৰ  তৰিলে। উল্লেখ্য যে ,ইয়াৰ পূৰ্বে দুবাৰকৈ আমিন গাওঁ আৰক্ষী  চকীৰ আলহী হৈছিল নিপন দাস।

কিন্তু কোনো অনুশোচনা নোহোৱা নিপনৰ পুনৰ জন্তু জানোৱাৰৰ আচৰণ  খোদ পাঁচ বছৰীয়া সন্তানৰ মাতৃ তথা নিপনৰ পত্নীৰ ওপৰত । পিছে আমিন গাওঁ আৰক্ষীয়ে মানৱতাৰ ধৰ্ম পালনেৰে ,দুৰ্ভগীয়া বোৱাৰী জোনমণি দাসক ন্যায় দিব পাৰিবনে? আমিন গাওঁবাসীয়ে জানোৱাৰ নিপনৰ চৰম শাস্তিৰ দাবী কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।