নাচতো নিপুণ ৰিপুন বৰা !

 03/26/2019 - 13:00

তেজপুৰঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ ৰিপুন বৰা কেৱল ৰাজনৈতিক ক্ষেত্ৰখনতে নহয় নাচতো নিপুণ বুলি প্ৰমাণ কৰিলে সোমবাৰে তেজপুৰ লোকসভা সমষ্টিত মনোনয়ন-পত্ৰ দাখিল কৰা সময়ত।

২০১৯ লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী এমজিভিকে ভানুৰ মনোনয়ন দাখিলৰ বাবে যোৱাৰ সময়ত নাচি-বাগি আনন্দত আত্মহাৰা হোৱা দেখা গ’ল বৰাক।

হাত মেলি মেলি ঘূৰি ঘূৰি আনন্দত মতলীয়া হৈ নচা ৰাজনৈতিক নেতাজনক নাচনি ৰূপত দেখা পাই ৰাইজেও লভিলে আনন্দ। মানুহে কয় বোলে নাচতো নিপুণ ৰিপুন! এমজিভিকে ভানুৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।