বৰপেটাত বানাক্ৰান্তৰ বাবে ভাৰতীয় সেনাৰ বিনামূলীয়া চিকিৎসা শিবিৰ

 07/21/2019 - 18:44

বৰপেটাঃ বৰপেটা জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। জিলাখনৰ মাজেৰে বৈ যোৱা পাঁচখনকৈ নৈ ব্ৰহ্মপুত্ৰ, বেঁকী, মানাহ, নখান্দা, মৰাচাউলখোৱা, পহুমাৰা, কালদিয়া এতিয়াও বৈছে বিপদসীমাৰ ওপৰেৰে। জিলাখনৰ ১৬৩৭৭ হেক্টৰ কৃষিভূমি এতিয়াও জলমগ্ন৷ অতি সম্প্ৰতি জিলাখনৰ ১০ লক্ষাধিক লোক এই বান আক্ৰান্ত হোৱাৰ লগতে পশুধন আক্ৰান্ত হৈছে ৬ লক্ষাধিক।

জিলাখনৰ এই বান পৰিস্থিতিৰ মাজতে আজি বৰপেটাৰ গণককুছিস্থিত ভাৰতীয় সেনাৰ ৯ নং বেটেলিয়ন জাট ৰেজিমেণ্টে আজি বৰপেটাত বানাক্ৰান্তসকলৰ বাবে অনুষ্ঠিত কৰে এক বিনামূলীয়া চিকিৎসা শিবিৰ। চিকিৎসা শিবিৰত সেনা বাহিনীৰ তৎপৰতাত বান প্লাৱিত অঞ্চলৰ পৰা যন্ত্ৰচালিত নাৱেৰে বানাক্ৰান্তসকলক লৈ অনা হয় আৰু তেওঁলোকক সেনা চিকিসৎকৰ তত্বাৱধানত চিকিৎসা সেৱা প্ৰদান কৰা হয়।

এই চিকিৎসা শিবিৰত বৰপেটা আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰায় ৩০০০ বানাক্ৰান্তৰ লগতে ভাৰতীয় সেনা আৰু বৰপেটা পশু চিকিৎসা বিভাগৰ উমৈহতীয়া প্ৰচেষ্টাত প্ৰায় ৭০০ পশুধনকো চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়। ইয়াৰোপৰি এই চিকিৎসা শিবিৰতে প্ৰাক্তন সেনাৰ বাবে এক বিশেষ শাখাও মুকলি কৰা হয় য'ত অৱসৰপ্ৰাপ্ত সেনা জোৱানসকলে বিভিন্ন অভাৱ অভিযোগ অৱগত কৰাৰ সুব্যৱস্থাও কৰা হয়। লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে যুৱ শক্তিক উৎসাহিত আৰু প্ৰাথমিক শিক্ষা প্ৰদানৰো সুব্যৱস্থা কৰে জাট ৰেজিমেণ্ট বাহিনীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।