লক্ষীপুৰত বাস্তৱত প্ৰেমিকাক দেখি পচন্দ নোহোৱাত হত্যা কৰিলে প্ৰেমিকেঃ প্ৰেমিকক গ্ৰেপ্তাৰ

 07/21/2019 - 19:29

লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত ধামৰ বিলত এগৰাকী যুৱতীৰ অৰ্ধ গলিত মৃত্যুদেহ উদ্ধাৰ হোৱা ঘটনাই লক্ষীপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে৷ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছত লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্লভ চন্দ্ৰ দাসৰ প্ৰচেষ্টাত হত্যাকাৰী ৰেজাউল ইছলামক (ঘৰ বাশবাৰী,গোৱালপাৰা) ৭ ঘণ্টাৰ ভিতৰতে বলবলাৰ(কৃষ্ণাই)পৰা গ্ৰেপ্তাৰ কৰে৷ লক্ষীপুৰ আৰক্ষীৰ জেৰাত হত্যাকাৰী ৰেজাউল ইছলামে জানিবলৈ দিয়া মতে যোৱা ২ মাহ মান আগতে যুৱতী গৰাকীৰ লগত ৰং নম্বৰত চিনাকী হৈছিল আৰু দুয়োৰ মাজত মোবাইল প্ৰেম আৰম্ভ হৈছিল৷

অৱশেষত যোৱা ১৫ জুলাইত বিবাহ হোৱাৰ প্ৰতিশ্ৰুতিৰে কাণ্টাপুৰ নামৰ ঠাইত দুয়ো বাস্তৱত দেখাদেখি হয়৷ যুৱতীগৰাকীক হত্যাকাৰী ৰেজাউল ইছলামৰ পচন্দ নোহোৱাত যুৱতীগৰাকীক ঘৰলৈ উভতি যাবলৈ কোৱাত যুৱতীগৰাকী ঘৰলৈ উভতি যাবলৈ অমান্তি হয়৷ সেইদিনা ৰেজাউলৰ ঘৰত কোনো মানুহ নথকাৰ সুযোগ গ্ৰহন কৰি যুৱতীগৰাকীক ৰাতি নিজ ঘৰলৈ লৈ যায় আৰু শাৰিৰীক সম্পৰ্ক স্থাপন কৰে ৰেজাউলে৷

পিছদিনা পুৱা ৰেজাউলে যুৱতীগৰাকীক ঘৰলৈ উভতি যাবলৈ হেঁচা প্ৰয়োগ কৰাত যুৱতীগৰাকী ঘৰলৈ উভতি যাবলৈ আকৌ অমান্তি হয়৷ পিছত ৰেজাউলে যুৱতীগৰাকীক লৈ গুৱাহাটীলৈ গুছি যায়৷ গুৱাহাটীত কেইঘণ্টা মান অতিবাহিত কৰি গুৱাহাটীৰ পৰা মাকৰি হৈ বাহবাৰী নামৰ ঠাইত ৰাতি ৯ বজাত গাড়ীৰ পৰা নামি দুয়ো খোজকাঢ়ি ৰেজাউল ইছলামৰ ঘৰৰ পিনে গৈ থাকতে ঘৰ পোৱাৰ অলপ আগতে ৰেজাউলে যুৱতীগৰাকীক গলত চেপি হত্যা কৰি জিঞ্জিৰাম নদীত পেলাই দিয়ে৷ হত্যাকাৰী ৰেজাউল ইছলামক কম সময়ৰ ভিতৰত লক্ষীপুৰ আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাটো লক্ষীপুৰ আৰক্ষীৰ সাফল্য বুলি কব লাগিব৷ হত্যাকাৰী ৰেজাউলৰ ফাঁচীৰ কামনা কৰিছে সচেতন ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।