গৌৰীপুৰত স্কীল ডেভেলপমেণ্ট মিছনৰ এটি প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন

 07/21/2019 - 19:40

গৌৰীপুৰঃ গৌৰীপুৰত স্কীল ডেভেলপমেন্ট মিছনৰ এটি প্ৰশিক্ষণ কেন্দ্ৰৰ শুভ উদ্বোধন৷ গৌৰীপুৰ বিধানসভা সমষ্টিৰ ঐতিহাসিক পানবাৰীৰ নিকটৱৰ্তী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰীয়া ছাতাগুৰী প্ৰথম খণ্ড গাৱৰ বাসিন্দা তথা সখী এৰোমেটিক ইণ্ডাষ্ট্ৰীৰ স্বত্বাধিকাৰী আপিল উদ্দিনৰ বাসভৱনত সখী এৰোমেটিক কেম্পাচত প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰা হয়৷ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰ জিলা প্ৰকল্প পৰিচালক সাৰোদিন্দু দেৱ দত্তই৷ প্ৰশিক্ষণ কেন্দ্ৰটোৰ জড়িয়তে ঔষধি গছ উৎপাদনেৰে যুৱক-যুৱতীক স্বনিৰ্ভৰশীল হ’ব পৰাকৈ বিনামূলীয়া প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে সখী ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষই৷

সাধাৰণ কৃষিজাততকৈ ঔষধিগছ উৎপাদনৰে নিৱনুৱা যুৱক-যুৱতীয়ে দ্বিগুন লাভৱান হ’ব পাৰিব বুলি জিলা প্ৰকল্প পৰিচালক গৰাকীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে সখী এৰোমেটিক ইণ্ডাষ্ট্ৰীয়ে বিগত এবছৰৰ অধিক সময় ধৰি চিত্ৰনলা, লেমন, গ্ৰাচ আৰু পাচৰি তেল, কাতুৰিৰ তেল উৎপাদন কৰি দেশ-বিদেশত বিক্ৰী কৰি আহিছে৷ ৰাস্তাৰ দাঁতিত থকা মানুহৰ অপ্ৰয়োজনীয় গছ একাংশ শ্ৰমিকৰ জড়িয়তে সংগ্ৰহ কৰি তেল উৎপাদন কৰি বৰ্তমানে ৭০ জন কৰ্মচাৰী নিয়োগ কৰি খৰচৰ বাদে মাহে একলাখকৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷

সখী এৰোমেটিক ইণ্ডাষ্ট্ৰীয়ে নিৱনুৱা সমস্যা সমাধানৰ পথ উলিয়াবৰ বাবে স্কীল ডেভেলপমেণ্ট মিছনৰ এটি বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ জড়িয়তে যুৱক-যুৱতীক ঔষধি গছ চিনাক্ত কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ এই প্ৰশিক্ষণৰ যাৱতীয় খৰচ সখী এৰোমেটিক ইণ্ডাষ্ট্ৰী কৰ্তৃপক্ষই বহন কৰি প্ৰশিক্ষণ দিব৷ তদুপৰি মাটি নথকা যুৱক-যুৱতীক এওঁলোকে ঔষধিগছ ৰোপণৰ বাবে মাটি প্ৰদান কৰিব৷ আনহাতে উৎপাদিত সা-সামগ্ৰীখিনিৰ উচিত মূল্যৰ বিনিময়ত সখী ইণ্ডাষ্ট্ৰীয়ে ক্ৰয় কৰিব বুলি স্বত্বাধিকাৰী আপিল উদ্দিন সেখে সদৰি কৰে৷ পৰৱৰ্তী সময়ত সখী ইণ্ডাষ্ট্ৰীয়ে মাহে কেইবালাখ টকাকৈ ইয়াৰ জড়িয়তে উপাৰ্জন কৰাৰ আশা কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।