ভূৰাগাঁৱত বন্যাক্ৰান্ত পৰিয়ালক গাঁঠিৰ ধনেৰে বান সাহায্য বিতৰণ জাবেদ আলী মৰলৰ

 07/21/2019 - 19:43

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ ভূৰাগাঁও-লাহৰীঘাটৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱ হেজাৰ হেজাৰ লোকৰ খাদ্য সামগ্ৰীৰ ভৰাল, পশুধন, পুখুৰীৰ মাছ , বিভিন্ন খেতি-বাতিকে আদি কৰি কেইবা কোটি টকাৰ সা-সামগ্ৰী বিনষ্ট হৈছে। যোৱা তিনিদিন ধৰি ব্ৰহ্মপুত্ৰৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তীৰ্ণ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে। টেঙাগুৰি কছাৰী গাঁৱৰ নৱ নিৰ্মীয়মান ৰিং বান্ধ ছিগি যোৱাত ইখনৰ পিছত সিখনকৈ গাঁও বানত বুৰ গৈছে।

হাতীলৰুৱা পথাৰ, টেঙাগুৰি, ফলিহামাৰি পথাৰ, জৰিবৰ, বকোৱামাৰি, ঔতলাবড়ী, তিনিচুকীয়া মহমাৰা, বালিডোঙ্গা, ফলিহামাৰি পাম, দক্ষিণ টেঙাগুৰিকে আদি কৰি প্ৰায় অৰ্ধ শতাধিক গাঁও প্লাৱিত হৈছে। বহু ঠাইত ৰাস্তা ঘাট ছিঙি নিয়াৰ ফলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হোৱা পৰিলক্ষিত হৈছে।

এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বন্যাক্ৰান্তসকলে। অসম ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ কাৰ্যনিৰ্বাহক জাবেদ আলী মৰলে বন্যাক্ৰান্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা চাউল, ডালি, নিমখ আৰু তিৰপাল বিতৰণ কৰাৰ লগতে জাবেদ আলী মৰলে নিজৰ গাঠীৰ ধন খৰচ কৰি তিনিচুকীয়া মহমাৰা আৰু টেঙাগুৰি গাঁও পঞ্চায়তৰ প্ৰায় তিনি সহস্ৰাধিক বন্যাক্ৰান্ত লোকক বিস্কুট, খাদ্য-সামগ্ৰী আৰু পানীৰ বটল আদি বিতৰণ কৰে। দুৰ্যোগৰ সময়ত দিন-ৰাতি একাকাৰ কৰি ৰাইজৰ কাষত থিয় দিয়াৰ বাবে জাবেদ আলী মৰলৰ কাৰ্যক ভূয়সী প্ৰশংসা কৰে অঞ্চলটোৰ ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।