২৫ আগষ্টত শিল্পগ্ৰামত ‘লুজ ডি ছল’ শীৰ্ষক মডেলিং, নৃত্য অনুষ্ঠান

 07/21/2019 - 19:48

গুৱাহাটীঃ শীৰ্ষ প্ৰডাকচন আৰু লেন্সমেনিয়া ষ্টুডিঅ’ৰ উদ্যোগত অহা ২৫ আগষ্ট তাৰিখে শিল্পগ্ৰামত দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠিত হ’ব ‘লুজ ডি ছল’ শীৰ্ষক এখনি মডেলিং, নৃত্য  অনুষ্ঠান। ইয়াৰ বাবে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ফটো শ্বুট৷

উল্লেখযোগ্য যে শীৰ্ষ প্ৰডাকচন আৰু লেন্সমেনিয়া ষ্টুডিঅ’ৰ উদ্যোগত যোৱা ৯ জুলাইৰ পৰা ১৩ৰ জুলাইলৈ অনুষ্ঠিত হৈছিল এখনি মডেলিংৰ কৰ্মশালা৷ এই কৰ্মশালাত অংশগ্ৰহণ কৰা ২০গৰাকী প্ৰশিক্ষাৰ্থীক লৈ আজি এই ফটো শ্বুট কৰোৱা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।