ৰঙাপৰাত ছাত্র-ছাত্ৰীক অভিনন্দন

 07/21/2019 - 19:49

ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ আগশাৰীৰ সামাজিক অনুষ্ঠান অসম কেশৰী প্ৰগতি সংঘই নামঘৰ প্ৰাঙ্গনত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ আঠ খন বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উওীৰ্ণ হোৱা মুঠ ৭২ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক বাণিজ্য শাখাত প্ৰথম হোৱা ৰঙাপৰা মহাবিদ্যালয়ৰ উ্যপল দাস আৰু বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম হোৱা নিকুঞ্জ আগৰৱালাক সম্বৰ্ধনা জনোৱা হয়।

ইয়াৰে ৰঙাপৰা সনাতন ধৰ্মমণ্ডলী নামঘৰ প্ৰাংগণত আজি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে অসম কেশৰী প্ৰগতি সংঘ সভাপতি বিজয় কলিতাই। আব্দুল ৱাছিদে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা শোণিতপুৰ জিলা অসম সেনাৰ আহ্বায়ক ৰাজনীশ শইকীয়া, শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচায্যা প্ৰতিভা দত্ত, অসম সাহিত্য সভাৰ ৰঙাপৰা শাখাৰ সভাপতি ভৱেশ মিশ্ৰ, সংঘৰ উপদেষ্টা মৃদুল ডেকা আৰু লগতে বহু গণ্য-মান্য ব্যাক্তি।

ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰঞ্জন কলিতাই নিজৰ ভাষনত কয় যে আজিকালি প্ৰতিযোগিতা শ্ৰেণী কোঠাত আবদ্ধ নহৈ জীৱনৰ পঢ়াশালীলৈ অগ্ৰসৰ হৈছে। তথ্য প্ৰযুক্তি নিত্য নতুন দিশত অগ্ৰসৰ হৈছে। নবপ্ৰজন্ম তথ্য প্ৰযুক্তিৰ নেতিবাচক দিশত ব্যৱহাৰ কৰা কাৰ্য্যৰ তেওঁ আক্ষেপ কৰে। নবপ্ৰজন্মক প্ৰগতিশীল হ’বলৈ আহ্বান জনায়। শোণিতপুৰ জিলাৰ অসম সেনাৰ আহ্বায়ক ৰাজনীশ শইকীয়াই ১৯৭১ চনত স্থাপন হোৱা অসম কেশৰী প্ৰগতি সংঘই প্ৰতিটো বছৰ লোৱা এনে পদক্ষেপক এক উল্লেখনীয় পদক্ষেপ বুলি নিজৰ ভাষনত উল্লেখ কৰে।

অসম সাহিত্য সভা ৰঙাপৰা সাখাৰ সভাপতি ভৱেশ মিশ্ৰই ছাত্র-ছাত্ৰীসকলক সঠিক পথ নিজৰ জীৱনত বাচি ল’বলৈ আহ্বান জনায়। ৰঙাপৰা বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে আজি ভালদৰে উওীৰ্ণ হোৱা এক উল্লেখনীয় পদক্ষেপ বুলি সভাত বক্তাসকলে নিজৰ ভাষনত উল্লেখ কৰে। অসম কেশৰী প্ৰগতি সংঘই কৃতি ছাত্ৰ-ছাত্ৰীসকলক মান-পত্ৰ, গামোচা, ফাইল আৰু একোটাকৈ কলম উপহাৰ স্বৰূপে আগবঢ়াই অভিনন্দন জ্ঞাপন কৰে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।