ধানৰ ভঁৰালখ্যাত তিতাবৰত কৃষকৰ হাহাকাৰ

 07/21/2019 - 19:55

তিতাবৰঃ তিতাবৰ মহকুমা অন্তৰ্গত মাধপুৰ গোহাঁই গাঁৱৰ কৃষকৰ মাজত হাহাকাৰ। ভূমি সংৰক্ষণ বিভাগৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বাবে এতিয়া কান্দিব লগা হৈছে চহা কৃষকে। গ্ৰামাঞ্চলত বাস কৰা লোকসকলৰ জীৱিকাৰ একমাত্ৰ পথ হৈছে কৃষি। কিন্তু তিতাবৰ ভূমি সংৰক্ষণ বিভাগৰ অবিজ্ঞানসন্মতভাবে নলা নিৰ্মাণ কৰাৰ বাবেই এতিয়া ৫০০বিঘাৰো অধিক মাটি বালিয়ে পৰিণত কৰিলে মৰুভূমিলৈ।

কৃষকৰ কৃষি পথাৰত পানীৰ সুবিধা হ'বলৈ ভূমি সংৰক্ষণ বিভাগে নলা খান্দিছিল ঠিকেই কিন্তু সেই নলা খন্দাত ব্যাপক অনিয়ম আৰু দুৰ্নীতি কৰি নলাটো সম্পূৰ্ণকৈ নাখান্দি অবিজ্ঞানসন্মতভাবে নলাটো খান্দি আধাতে সামৰিলে কাম। যাৰ ফলত এতিয়া কৃষকে মূৰে কপালে হাত ল’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। নিজৰ গাঁঠিৰ ধন ভাঙি, বেংকৰ পৰা ঋণলৈ কৰা খেতি পথাৰখন চকুৰ পলকতে ধ্বংস হোৱা দেখি এতিয়া কান্দোনৰ বন্যা বৈছে কৃষকৰ মাজত।

উল্লেখযোগ্য যে ক্ষোভিত কৃষকে এতিয়া ভূমি সংৰক্ষণ বিভাগৰ বিচাৰিছে ক্ষতিপূৰণ। দাবী জনাইছে উচিত তদন্তৰ। এতিয়া প্ৰশ্ন হয় এইসকলক কৃষকৰ পেটৰ ভাত মুঠি কাঢ়ি নিয়া এই নলা নিৰ্মানত দুৰ্নীতি অনিয়ম কৰা ভূমি সংৰক্ষণ বিভাগৰ কৰ্তৃপক্ষই কেতিয়া পাব দৃষ্টান্তমূলক শাস্তি? দুৰ্নীতিৰ বিৰুদ্ধে সহনশীলতাৰ কথা কোৱা চৰকাৰে ন্যায় দিব নে এই কৃষকসকলক?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।