বন্যাৰ্তক সাহায্য বিতৰণ মৰিগাঁও জিলা কবি সন্মিলনৰ

 07/21/2019 - 20:13

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলা কবি সন্মিলনে আজি দ্বিতীয় লানি বান সাহায্য বিতৰণত ২২৫ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। কুশতলি অঞ্চলৰ গৰাপাৰ শান্তিপুৰ আৰু লাউভূৰুঙ্গা গাঁৱত দুৰ্গত পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি মৰিগাঁও জিলা কবি সন্মিলনে বান সাহায্য বিতৰণ কৰে। চৰকাৰী গাঁওবুঢ়া দীপাংকৰ বৰদলৈ, সতীৰ্থ কবি সাংবাদিক বিষ্ণু ডেকা, প্ৰদীপ ডেকাই অঞ্চলবাসীৰ মাজত বান সাহায্য বিতৰণত সহায় কৰে। ১৯জুলাইত প্ৰথম পৰ্যায়ৰ সাহায্য সামগ্ৰী বিতৰণ অভিযানত মৰিগাঁও মৰাকলঙৰ টেঙাগুৰি, ফুলগুৰি গাঁৱৰ শতাধিক পৰিয়াললৈ সাহাৰ্য্য সামগ্ৰী আগবঢ়োৱা হয়।

আজিও সমগ্ৰ অসমৰ জিলা সমূহৰ লগতে মৰিগাঁও জিলা কবি সন্মিলনেও সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় আহ্বানক্ৰমে বানাক্ৰান্তসকলক সাহায্য সামগ্ৰী প্ৰদানৰ লগতে বন্যাৰ্তৰ দুৰ্যোগৰ বুজ লৈ অনুকম্পা প্ৰকাশ কৰে। আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী, বে-চৰকাৰী বান সাহায্য পোৱা নাই বুলি উল্লেখ কৰা গৰাপাৰ শান্তিপুৰ বাসীয়ে সদৌ অসম কবি সন্মিলনৰ এই মহৎ পদক্ষেপৰ শলাগ লয়।

মৰিগাঁও জিলা কবি সন্মিলনৰ ব্যৱস্থাপনাত শাখা কবি সন্মিলনসমূহৰ কাব্যপ্ৰাণ সতীৰ্থসকলৰ সহযোগত মানৱ দৰদী, মহানুভৱ ৰাইজৰ সঁহাৰি আৰু সাহায্যৰে দ্বিতীয়টো বান সাহায্য অভিযানত অংশগ্ৰহণ কৰে জিলা সভাপতি অশোক ডেকা, উপ সভাপতি আবুল হাছাম আল আমান, হাবিবৰঙাবাৰী শাখা কবি সন্মিলনৰ সভাপতি অনিল কুমাৰ ভূঞা, সম্পাদক ভৱেন চন্দ্ৰ নাথ, পত্ৰিকা সহযোগী সম্পাদক দ্বয় মাধৱ চন্দ্ৰ ডেকা, উজ্বল কুমাৰ নাথ, প্ৰচাৰ সম্পাদক ৰাতুল ডেকা, সহকাৰী সম্পাদক জিতুমনি বৰদলৈ, প্ৰচাৰ সম্পাদক ৰাতুল ডেকা, বিষ্ণু ডেকা, সতীৰ্থ প্ৰশান্ত নাথ, স্বৰূপ কুমাৰ নাথ, নৃপেন নাথ, নাৰায়ণ নাথ প্ৰমুখ্যে কাব্যপ্ৰাণ সতীৰ্থসকলে অংশ লয়।

এই বানাক্ৰান্তসকলক আগবঢ়োৱা সাহায্য সামগ্ৰী বিতৰণ অভিযানত যি সকলে দান বৰঙণি, খাদ্য সামগ্ৰী যোগান ধৰি সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ অভিযান সফল কৰি তুলি মৰিগাঁও জিলা কবি সন্মিলনৰ সতীৰ্থসকলক উৎসাহিত কৰিলে সেই সকলোৰে প্ৰতি মৰিগাঁও জিলা কবি সন্মিলনে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।