বানপানীৰ মাজতে দৰঙত একেদিনাই উন্মোচন হ’ল ৫২ খন গ্ৰন্থ

 07/21/2019 - 20:24

মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি জিলা সাহিত্য সভা ভৱনত উন্মোচন কৰা হয় ৫২ খন গ্ৰন্থ। জিলাখনৰ ৫২ গৰাকী ন পুৰণি লেখক-লেখিকাই প্ৰকাশ কৰা গ্ৰন্থসমূহে অসমীয়া সাহিত্যৰ ভঁড়াল টনকিয়াল কৰিব বুলি আশা কৰিব পাৰি। উক্ত গ্ৰন্থসমূহ উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু কামৰূপ মহানগৰ সমিতিৰ সভানেত্ৰী মৃণালিনী দেৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।

গ্ৰন্থ উন্মোচন কৰি ডঃ ৰাজবংশী আৰু দেৱীয়ে কয় যে ব্যক্তিৰ মৃত্যু হ’ব কিন্তু গ্ৰন্থৰ মৃত্যু নহয়। এই গ্ৰন্থসমূহে অসমীয়া সাহিত্য ভঁড়াল টনকিয়াল কৰিব বুলি প্ৰকাশ কৰে। উক্ত অনুষ্ঠানতে পদ্মশ্ৰী ডঃ ইলিয়াছ আলি, ইদ্ৰিচ আলি আৰু ডঃ সঞ্জীৱ পল ডেকাক সম্বৰ্ধনা জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।