কামাখ্যাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত ৩ জন

 03/26/2019 - 13:29

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বাঘৰ সন্ত্ৰাস। আজি পুৱাও কামখ্যাত বাঘে চলালে সন্ত্ৰাস। চৌদিশে বিয়পিছে আতংক। এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ৩ জনকৈ লোক।

জানিব পৰা মতে, নিশা বাঘটোৱে শংকু শৰ্মা নামৰ এজন লোকৰ ষ্টোৰ ৰূমত সোমাই আছিল। পুৱা শংকু শৰ্মাৰ ভগ্নী গীতা দেৱীয়ে ষ্টোৰ ৰূমটোত প্ৰৱেশ কৰিব খোজাৰ সময়তে আক্ৰমণ কৰে বাঘটোৱে। আনহাতে বাঘৰ আক্ৰমণৰ পৰা গীতা দেৱীক ৰক্ষা কৰিবলৈ গৈ আহত হয় শংকু শৰ্মাও।

দুয়োকে আহত কৰি পাছত বাঘটোৱে কামাখ্যা মন্দিৰৰ কৰ্মচাৰী ক্ষিতীশ শৰ্মাৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ চলায় তেওঁৰ পত্নীক। অৱশেষত অতি কৌশলেৰে বাসগৃহটোৰ ভিতৰত ৰাইজে আবদ্ধ কৰিবলৈ সক্ষম হয় নাহৰফুটুকীটো।

বাঘৰ আক্ৰমণত আহত তিনিওজনকে ইতিমধ্যে ভৰ্তি কৰা হৈছে চিকিৎসালয়ত। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ। বাৰে বাৰে ঘটি থকা এনে দুৰ্ভাগ্যজনক ঘটনাক প্ৰতিৰোধ কৰিবলৈ বনবিভাগক দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।