মোৰাঝাৰ ষ্টেট বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধকক গ্ৰেপ্তাৰ

 07/21/2019 - 20:34

হোজাইঃ মোৰাঝাৰ ষ্টেট বেংকত সংঘটিত এশ কোটি টকাৰ কেলেংকাৰীৰ অন্যতম অভিযুক্ত মোৰাঝাৰ ষ্টেট বেংকৰ প্ৰাক্তন শাখা প্ৰৱন্ধক দেৱজিৎ তালুকদাৰক আটক৷ যোৱা নিশা মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই নগাঁৱৰ পৰা আটক কৰে দেৱজিৎ তালুকদাৰক৷

মোৰাঝাৰ ষ্টেট বেংকত কেচিচি ঋণৰ নামত জালিয়াতিৰে এশ কোটি টকা আত্মসাৎ কৰিছিল দেৱজিৎ সহ মুঠ ১৮ জন প্ৰৱঞ্চকে৷ আৰক্ষীয়ে পূৰ্বতে আন দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছিল৷ এই বৃহৎ জালিয়াতি সন্দৰ্ভত মোৰাঝাৰ থানাত ৰুজু হৈছিল 392/18, 394/18, 293/19. সহ মুঠ 7 টা গোচৰ৷ আৰক্ষীয়ে শাখা প্ৰৱন্ধকজনক সম্প্ৰতি থানাত চলাই আছে মাৰাথান জেৰা৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।