গৌৰীপুৰত এটি মোবাইল চাৰ্জৰ মূল্য ৩০-৫০ টকা

 07/21/2019 - 20:42

গৌৰীপুৰঃ এটি মোবাইল চাৰ্জৰ মূল্য ৩০ ৰ পৰা ৫০ টকা৷ বান পানীৰ বাবে গৌৰীপুৰত বিগত দহদিন ধৰি ব্যাহত হৈ আছে বিদ্যুৎ সেৱা৷ বানপীড়িত লোকসকলে খাদ্য বস্ত্ৰৰ অভাৱৰ সমান্তৰালকৈ বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হোৱাত অধিক জুৰুলা হৈ পৰিছে৷ বিদ্যুৎ সেৱা ব্যাহত হোৱাত টেলিফোন টাৱাৰৰ অধিকাংশ বিকল হোৱাত মোবাইল সংযোগ বিচ্ছিন্ন হৈ পৰিছে৷ ইটো ঘৰৰ লগত আনটো ঘৰৰ যোগাযোগ নথকাত সমস্যাৰ সন্মুখীন হৈছে বানপীড়িতই৷

যাৰ বাবে জেনেৰেটৰে ৩০ টকাৰ পৰা ৫০ টকাকৈ ইনভাৰ্টাৰ, মোবাইল আদি চাৰ্জ কৰিবলৈ একাংশ মধ্যভোগী ব্যৱসায়ীৰ কাষ চাপিছে ৰাইজে৷ ৰাইজে অতি শীঘ্ৰেই চহৰৰ দাঁতিকাষৰীয়া এলেকাসমূহত বিদ্যুৎ সেৱা যোগান ধৰিবলৈ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।