শিক্ষাবিদ হৰেন ৰাজকোঁ‌ৱৰ জন্ম দিন উদযাপনৰ প্ৰস্তুতি

 07/21/2019 - 20:56

নাজিৰাঃ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী তথা শিৱসাগৰ জিলাৰ লাকুৱা তান্তিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰেন ৰাজকোঁৱৰৰ ওপজা দিন অহা ২ ডিচেম্বৰত লাকুৱা শাখা সাহিত্য সভা আৰু সমগ্ৰ লাকুৱাবাসীৰ সহযোগত উদযাপন কৰাৰ দিহা কৰা হৈছে। ওপজা দিনৰ লগত সংগতি ৰাখি এখনি তথ্য সম্বলিত শুভেচ্ছামূলক গ্ৰন্থ প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

গতিকে শুভাকাংক্ষীসকলক তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ জীৱন সম্পৰ্কীয় বিভিন্ন লিখনি দিবৰ বাবে অনুৰোধ জনোৱাৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ লগতে সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছে। অহা ছেপ্টেম্বৰ মাহৰ পহিলা সপ্তাহৰ আগতে লিখনিসমূহ জমা দিবৰ বাবে সঞ্জীৱ বাইলুঙৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

তদুপৰি ছেপ্টেম্বৰ মাহৰ আঠ তাৰিখ দেওবাৰৰ দিনা বিয়লি দুই বজাত এখন সুস্থ সবল আদৰণি সমিতি গঠন কৰাৰ লগতে বিশিষ্ট শিক্ষাবিদজনৰ সৈতে উদযাপন সমিতিৰ ফটো তোলা কৰ্ম ৰূপায়ন কৰা হ'ব। সকলোৰে উপস্থিতি কামনা কৰিছে শাখা সাহিত্য সভাৰ সভাপতি সঞ্জীৱ বাইলুঙে। সবিশেষ জানিবলৈ 7086696201 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।