টিএমপিকেৰ উদ্যোগত সোৱণশিৰি নামনি অংশৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ

 07/21/2019 - 21:03

ঢকুৱাখনাঃ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনি অংশৰ অঞ্চলবোৰৰ বান-গৰাখহনীয়াৰ পৰিস্থিতি অধ্যয়নৰ বাবে সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ টিএমপিকেৰ এটি প্ৰতিনিধি দলৰ সৈতে আজি এদল সাংবাদিক ৰাওনা হয়। এনএইচপিচিৰ ফলত কি ধৰণে নামনি অংশত ক্ষয়-ক্ষতি হৈছে তথা কি ধৰণৰ কু-প্ৰভাৱ পৰিছে তাৰ বিষয়ে বুজ লৈ এক প্ৰতিবেদন দাখিল কৰিব অসম আৰু ভাৰত চৰকাৰৰ ওচৰত। তদুপৰি ৰঙানদীৰ জলবিদ্যুৎ প্ৰকল্পৰ ফলত কি ধৰণৰ ক্ষয় ক্ষতি হৈছে তাৰ বিষয়েও অধ্যয়ন কৰিব ৰাওনা হোৱা এই প্ৰতিনিধি আৰু সাংবাদিক দলটোৱে।

চাউলধোৱা ঘাটৰ সোৱণশিৰি দলঙৰ পৰা বিহপুৰীয়াৰ ধুনাগুৰি ঘাটলৈকে এই প্ৰতিনিধিৰ দলটোৱে চলাব অধ্যয়ন। প্ৰতিনিধিৰ দলটোত টিএমপিকেৰ কেন্দ্ৰীয় সম্পাদক পদ্মলোচন দলে, সভাপতি ৰাজকুমাৰ মৰাং, এমএমকে কেন্দ্ৰীয় সমিতিৰ সম্পাদকদ্বয় বিজু পেগু, প্ৰেমধৰ দলে, টিএমপিকেৰ উপসভাপতিদ্বয় ক্ষীৰোদ পেগু, সোণেশ্বৰ কপ্তাক, টিএমএমকেৰ সম্পাদিকা বন্তি পেগু, উপ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, টিএমপিকেৰ সহ:সম্পাদক টুনিৰাম পাংগিং, ভীমপৰা-বগীনদী সমষ্টিৰ এমএচিৰ জিএম অনিল পায়েং, দিক্ৰং সমষ্টিৰ জিএম দিলীপ পেগু আৰু সাংবাদিক দলটোত কুমুদ বৰুৱা, ৰয়েল পেগু, দিপেন বৰা, ৰাজীৱ বৰুৱা, পুলিন পেগুকে ধৰি এটি কুৰিজনীয়া দলে নৌকা ভ্ৰমণেৰে বুজ লয় সোৱণশিৰিৰ দুই পাৰৰ বান-গৰাখহনীয়া পৰিস্থিতিৰ।

জানিব পৰা মতে এতিয়াও খহনীয়া চলি আছে ক্ৰমে মাছালচুক, হেকেৰাজান ভীমপৰা মথাউৰি গাঁও, টাকুগাঁও, গেৰেকী-১ গেৰেকী-২, হাতীয়েমৰা, ঘুনাসুঁতি, খলিহামাৰীত৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।