গোগামুখত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আছুৰ

 07/21/2019 - 21:30

গোগামুখঃ গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোগামুখৰ স্বেচ্ছাসেৱী সংগঠন উত্তৰণৰ সহযোগত গোগামুখৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক আজি আনুষ্ঠানিকতাৰে অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়৷ বিগত বছৰৰ দৰে এই বছৰো গোগামুখৰ বৃহৎ অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক গোগামুখ আঞ্চলিক ছাত্ৰ সন্থা আৰু বেচৰকাৰী সংস্থা উত্তৰণৰ তৰফৰ বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয়৷

গোগামুখ নগৰ হাইস্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গোগামুখলৈ গৌৰৱ কঢ়িয়াই অনা ৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ ইয়াৰে ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ ডিষ্টিংচন লাভ কৰা মুঠ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ লগতে উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ সুখ্যাতিৰে স্থান অধিকাৰ কৰা মুঠ ৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

প্ৰাক্তন আছু নেতা দীপক বৰগোঁহাইয়ে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা, মানপত্ৰ, শৰাই, ফাইল, ট্ৰফীৰ লগতে একোটিকৈ গছ পুলিৰে সম্বৰ্ধনা জনোৱা হয়৷ কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ লগতে গোগামুখৰ ১৩ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়ত্ৰীক একোটিকৈ ছাতি, ফুলাম গোমোচা, মানপত্ৰ, এটোপোলা গ্ৰন্থৰ লগতে পৰিবেশ সংৰক্ষনৰ হেতু একোটিকৈ মূল্যৱান গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়৷

শিক্ষক নিৰ্মল বৰাৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটিত ছাত্ৰ-ছাত্ৰীসকলক সাহস আৰু প্ৰেৰণা দিবৰ বাবে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়া, সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰূপেশ্বৰ চেতিয়া, এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ দলে, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক বৰগোঁহাই, সম্পাদক কল্যান গগৈৰ লগতে গোগামুখৰ বিশিষ্ট গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।