ৰহাৰ বানবিধস্ত অঞ্চলত নগাঁও জিলা কবি সন্মিলনৰ খাদ্য সামগ্ৰী বিতৰণ

 07/21/2019 - 21:34

ৰহাঃ সদৌ অসম কবিবসন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলন আৰু শাখাসমূহৰ সহযোগত ৰহা সমষ্টিৰ কৰৈয়াতি আদৰ্শ গাঁও, গুইমাৰি, কৰৈআটি, দীঘলদৰি আৰু কুঁৱৰী আটি অঞ্চলৰ বানপীড়িত লোকসকলে আশ্ৰয় লৈ থকা শিবিৰসমূহত খোৱা পানীকে ধৰি অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰে।

শতাধিক পৰিয়াললৈ আগবঢ়োৱা এই বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সন্মিলনৰ উপদেষ্টা তথা নূপুৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, দিলীপ কুমাৰ নাথ, দুৰ্গেশ্বৰ বৰকটকী, এল. প্ৰদীপ কুমাৰ সিংহ, প্ৰচাৰ সম্পাদক মদাৰজ্যোতি, সঞ্জীৱ সাগৰ চৌধুৰী আৰু পৱন শৰ্মাৰ লগতে সদস্যসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।