বৰপেটাৰ শুকমানাহ গাঁৱৰ বান শিবিৰত বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত বন্যাৰ্ত

 07/21/2019 - 21:50

হাউলীঃ ৰাজ্যত বান পৰিস্থিতি লাহে লাহে নিয়ন্ত্ৰন হৈছে যদিও খাদ্য সংকটত ভূগিছে মানুহৰ লগতে পশুধন। বৰপেটা জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত শুকমানাহ গাঁৱত পানী কমিছে যদিও বিভিন্ন বেমাৰ আজাৰে দেখা দিছে বানপীড়িতৰ গাত। মেনুৱেল অনুসৰি বানাক্ৰান্তই সাহায্য পাব বুলি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যদিও সেয়া যেন অসাৰ প্ৰতিপন্ন হ'ল এই আশ্ৰয় শিবিৰত। সাহায্য নাপাই সমস্যাত পৰিছে এই সকল বানাক্ৰান্ত।

কোনোমতে এসাজ খাইছে যদিও খাবলৈ পোৱা নাই আন এসাজ। এতিয়ালৈকে জিলা প্ৰশাসন নাইবা স্থানীয় জনপ্ৰতিনিধিৰ খবৰ নোলোৱাৰ অভিযোগ কৰিছে এইসকল বানাক্ৰন্তই। মুঠ ৩২ টাকৈ পৰিয়ালে শিবিৰ পাতি আশ্ৰয় লৈ আছে পল্লাৰপাৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। শিশুৰ লগতে বৃদ্ধয়ো বেমাৰত ভুগি আছে এই আশ্ৰয় শিবিৰত। চিকিৎসকে এদিন আহি চাই সামান্য পৰিমানে ঔষধ দি গৈছিল যদিও পিছলৈ খবৰ লোৱা নাই।

সাহায্যৰ নামত এবাৰ ৯০০ গ্ৰাম চাউল আৰু ১৫০ গ্ৰামকৈ দাইল দিয়ে দায়িত্ব সামৰিছে চৰকাৰে। বিশুদ্ধ খোৱা পানীৰো যোগান ধৰা নাই চৰকাৰে। কদৰ্যময় পৰিবেশৰ লগতে এক হাহাকাৰময় পৰিবেশে বিৰাজ কৰিছে শিবিৰটোত৷ যাৰ ফলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বান শিবিৰত থকা লোকৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।