হিমা দাসক অসমীয়া ভাষাত অভিনন্দন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

 07/22/2019 - 12:50

ডিজিটেল ডেস্কঃ ট্ৰেকত চমক সৃষ্টি কৰি তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ স্বৰ্ণপদক লাভ কৰা হিমা দাসক টুইটাৰ যোগে অসমীয়া ভাষাত অভিনন্দন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

টুইটাৰ জৰিয়তে হিমাই নিজৰ এই সফলতাৰ ধাৰা অব্যাহত ৰাখি ২০২০চনৰ অলিম্পিকত ভাৰতৰ বাবে বিজয়বাৰ্তা কঢ়িয়াই অনাৰ কামনা কৰে দেশৰ ৰাষ্ট্ৰপতি কোবিন্দে।

হিমা দাসেও ৰাষ্ট্ৰপতিয়ে জনোৱা এই অভিনন্দনৰ বাবে অসমীয়া ভাষাত ধন্যবাদ সূচক মন্তব্য আগবঢ়ায়।হিমাৰ গৌৰৱেৰে গৌৰৱান্বিত এতিয়া অসমীয়া৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।