তালাপত গৰু চুৰি কৰা গাড়ী জ্বলালে উত্তেজিত জনতাই

 07/22/2019 - 12:57

ডুমডুমাঃ তিনিচুকীয়া তালাপত আজি পুৱতি নিশা বাইথ মন্দিৰ ফালৰ পৰা গৰু খেদাই আনি গাড়ীত তুলি থকা অৱস্থাত সেইসময়ত স্থানীয় ৰাইজৰ হাতত ধৰা পৰে। উত্তেজিত ৰাইজে গাড়ীখন জ্বলাই দিয়ে। বলেৰ' পিক আপখন নম্বৰ বিহীন৷ সেই সময়ত উত্তেজিত জনতাই এখন বাইকো জ্বলাই দিয়ে।

পিছত তালাপ আৰক্ষী তহলদাৰী বাহিনীয়ে তালাপৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষীৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰন কৰে আৰু গাড়ীখনত থকা বাবুল মৰাণ নামৰ এজন লোকক আটক কৰে। বাবুল মৰাণ তিনিচুকীয়া জকাইচুক গাঁৱৰ গজেন মৰাণৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।