ৰাজনীতিৰ বতাহে কোবাইছে সুন্দৰী স্বপ্নাক

 03/26/2019 - 13:58

ডিজিটেল ডেস্কঃ দেশজুৰি ৰাজনীতিৰ বতাহ বলাৰ সময়তে  চৰ্চিত হৈ পৰিছে স্বপ্না চৌধুৰী নামৰ সুন্দৰী  যুৱতীগৰাকীৰ নাম। হাৰিয়ানাৰ নৃত্যশিল্পী, গায়িকা আৰু অভিনেত্ৰী স্বপ্না চৌধুৰীয়ে ২৩ মাৰ্চত কংগ্ৰেছত যোগ দিয়াৰ বিষয়ে সৰৱ চৰ্চা চলিছিল।

ইতিপূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে স্বপ্না চৌধুৰীৰ ফটো আৰু হস্তাক্ষৰ সম্বলিত উত্তৰ প্ৰদেশ কংগ্ৰেছৰ এখন সদস্যভৰ্তি পত্ৰও। কিন্তু এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছত যোগদানক লৈ চলা প্ৰচাৰ ভুৱা আৰু ষড়যন্ত্ৰমূলক বুলি দাবী কৰে তেওঁ।

কিন্তু শেহতীয়াকৈ দিল্লী বিজেপিৰ অধ্যক্ষ মনোজ তিৱাৰীৰ সৈতে ভাইৰেল হোৱা স্বপ্না চৌধুৰীৰ এখন ফটোৱে এতিয়া পুনৰ ৰাজনৈতিক মহলত খলকনি তুলিছে। চৰ্চা চলিছে- এইবাৰ বিজেপিত যোগ দিব স্বপ্নাই। উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল স্বপ্না চৌধুৰীয়ে। জানিব পৰা মতে, দেওবাৰে নিশা মনোজ তিৱাৰীৰ সৈতে এখন ৰেষ্টুৰেন্টত নিশাৰ আহাৰ গ্ৰহণ কৰিছিল স্বপ্নাই।

সেই সময়তে তোলা দুয়োৰে এখন চেল্ফী এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি নেতা মনোজ তিৱাৰীৰ সৈতে স্বপ্নাৰ সাক্ষাতত ৰাজনৈতিক স্বাৰ্থ জড়িত হৈ থকা বুলিও চৰ্চা চলিছে। স্বপ্না চৌধুৰীৰ ৰাজনৈতিক উদ্দেশ্য কি সেয়া সময়তহে গম পোৱা যাব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।