ৰুমাইগাভৰুৰ এখন দলঙে দুৰ্ভোগ ভোগাইছে ৰাইজক

 07/22/2019 - 13:27

কাকপথাৰঃ বিকশিত অসম, পৰিবৰ্তনশীল অসম, উন্নয়নশীল অসম৷ শুনিলে এনে লাগে যেন আমি আজিৰ অসমৰ বাসিন্দা নহয় , এখন সম্পূৰ্ণ আধুনিকতাৰে ভৰা চৌদিশে প্ৰযুক্তিবিদ্যাৰে আগুৰি থকা এখন নতুনত্বৰ অসমৰ বাসিন্দা৷ কিন্তুু এইয়া যে মাথো কাগজে কলমে বা নেতা মন্ত্ৰী সকলৰ ভাষণতহে সীমাবদ্ধ সেইয়া প্ৰমাণিত হৈছে ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ৰুমাইগাভৰু নামৰ এটা অঞ্চলত৷ সৰু বৰ কেইবাখনো গাঁও লগ হৈ ৰুমাইগাভৰু নামেৰ জনাজাত এই অঞ্চল৷ কাকপথাৰৰ পৰা বা কুমচাং গাঁও পঞ্চায়তৰ পৰা আৰু কাকপথাৰ উন্নয়ন খণ্ডৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ক্ষুদ্ৰ চাহ বাগিছাৰে আৱৰি থকা এই ৰুমাই গাভৰু অঞ্চল৷

প্ৰতিদিনে লক্ষ লক্ষ টকাৰ কেঁচা চাহপাত উৎপাদন হয় এই অঞ্চলত৷ চাহ ব্যৱসায়ৰ পূৰ্ণ সম্ভাৱনা থকা এই ঠাইৰ বাসীন্দা সকল আজিও যেন আধুনিকতাৰ পৰা বহু দূৰত্বত৷ কোনো এখন চৰকাৰৰ প্ৰতিনিধিৰ চকুত নপৰে যেন এই অঞ্চল ৷ দীৰ্ঘ দিনে সন্মুখীন হৈ আহিছে ৰাষ্টা ঘাট , দলং আদিৰ বিভিন্ন সমস্যাৰ৷ শেহতীয়াকৈ এই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ উত্তেজিত হৈ উঠিছে ৷

ক্ষোভ উজাৰিছে স্থানীয় বিধায়ককে ধৰি পঞ্চায়তৰ বিষয়া প্ৰতিনিধি সকলৰ উপৰত৷ অভিযোগ আনিছে চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ ৷ স্বাধীনতাৰ কালৰে পৰা অৱশিষ্ট সম্পূৰ্ণ বিধ্বস্ত ৰাইজৰ ধনেৰে নিৰ্মাণ কৰি অহা ডুমডুমা নদীৰ উপৰৰ এখন বাঁহৰ দলং৷ যিখন দলংৰ বাবে বছৰ বছৰ ধৰি আবেদন জনাই আহিছে স্থানীয় বিধায়ক, বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল , সাংসদ প্ৰদান বৰুৱাকে ধৰি বহুকেইজন জিলা উপায়ুক্তক৷ কিন্তুু তাৎপৰ্যপূৰ্ণ বিষয় যে আজি কোপতি কোনো ধৰণৰ সুফল নাপালে স্থানীয় বাসিন্দাই৷ প্ৰায় ১৫ খন গাঁৱৰ লোকে অহা যোৱা কৰা ৰুমাইগাভৰুৰ পৰা ফিলবাৰী গড়কাপ্তানি পথ সংযোগী একমাত্ৰ সম্বল এইখন দলং৷

যি খন দলঙেদি কাষতে থকা ডুমডুমা নগৰলৈ ৰুমাই গাভৰু মাজগাঁও হৈ দূৰত্ব মাত্ৰ ২০ মিনিটৰ৷ কিন্তুু এই ২০ মিনিটৰ দূৰত্বও যেন এপষেক হয় তেওঁলোকৰ বাবে৷ কাৰন এই দলং খনৰ ওপৰেদি বাইচাইকেল কান্ধত ভাৰ বান্ধি নিয়া সংবাদ মাধ্যমৰ দৃষ্টি গোচৰ হৈছে৷ খোজ কাঢ়ি গলেও যেন সম্পূৰ্ণ বিপদ বুকত লৈ যাত্ৰা কৰিব লগীয়া হয় এই দলঙেদি৷ তেনে ক্ষেত্ৰত কোনো ধৰনৰ বাহন যাব পৰা বিষয়টো যেন এক অবিশ্বাস্য সপোন৷ ৰুগী সকলক পাচিত ভাৰ বান্ধি নিব লগীয়া হয় এই অঞ্চলৰ ৰাইজে৷ এই দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু ঘটিছে লগতে প্ৰায়ে ইয়াৰ পৰা পৰি বিভিন্নজনৰ হাত ভৰিও ভাঙিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷ শেহতীয়াকৈ শাষনাধিষ্ট বিজেপি চৰকাৰ , ১২৫ নং ডুমডুমা বিধান সভা সমষ্টিৰ বিধায়ক দূৰ্গা ভুমিজ আৰু পঞ্চায়ত প্ৰতিনিধি সকলৰ উপৰত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ লগতে চৰকাৰ, স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰে এই দলং খন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।