বৰপেটাত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ বান সাহায্য বিতৰণ

 07/22/2019 - 13:44

বৰপেটাঃ বৰপেটা জিলাৰ বন্যাৰ্তসকলৰ দুখ দুৰ্দশা যেন এতিয়া সৰ্বজনবিদিত। বৰপেটা বাসীৰ দুখত সমভাগী হবলৈ ওলাই আহিল জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু।

জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে তেওঁৰ সহধৰ্মিনীক লগত লৈ বৰপেটা জিলাৰ গণককুছিস্থিত পাথাৰ হাটিৰ বন্যাৰ্তসকলৰ মাজত উপস্থিত হয়।

কণ্ঠশিল্পী গৰাকীয়ে বন্যাৰ্ত লোকসকলৰ মাজত খাদ্য সামগ্ৰীৰ লগতে দৈনন্দিন ব্যৱহাৰ্য্য সামগ্ৰী বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।