জনপ্ৰিয় ফেচবুক গোট ‘হাঁহিৰে ৰং ধেমালি’ৰ বান সাহায্য বিতৰণ

 07/22/2019 - 14:05

বৰপেটাঃ ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানপানীৰ ফলত বন্যাৰ্ত সকলৰ মাজত দেখা দিয়া খাদ্য সংকটে সৃষ্টি কৰিছে এক আহুকলীয়া পৰিস্থিতিৰ। এই আহুকালৰ পৰা পৰিত্ৰাণ দিবলৈ জনপ্ৰিয় ফেচবুক গোট ‘হাঁহিৰে ৰং ধেমালি’ গোটৰ বৰপেটা জিলাৰ সদস্য শ্ৰদ্ধাঞ্জলি মেধি, লাৱন্য পাঠক আৰু নজৰুল ইছলামে বন্যাৰ্তসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

গোটৰ সদস্য সকলে বৰপেটা শংকৰদেৱ শিশু কুঞ্জ নিকেতন, সদৰ বালিকা মজলীয়া বিদ্যালয়, গোবিন্দ কাকতি প্ৰাথমিক বিদ্যালয়ত থক বন্যাৰ্ত শিবিৰ সমূহৰ প্ৰায় ৫৫ ঘৰ মানুহক এপেকেট বিস্কুট, এটাকৈ পানীৰ বটল, এডাল মমবাটি, এটুকুৰা চাবোন, গাখীৰ এপেকেট বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।