বকোৰ বন্যাৰ্তৰ কাষত ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি দল

 07/22/2019 - 14:51

নগৰবেৰাঃ বকো সমষ্টিৰ বিভিন্ন প্ৰান্তত আজিও বানাক্ৰান্ত লোকৰ আৰ্তনাদ অব্যাহত আছে। সমষ্টিটোৰ মালিবাৰী, শালমাৰা, ডেকাচাং, সোণতলী আদি অঞ্চলত এতিয়াও শ শ বানাক্ৰান্ত লোক মথাউৰি, স্কুল আদিত শিবিৰ পাতি আছে যদিও এই বন্যাৰ্তসকলৰ প্ৰতি ন্যূনতম গুৰুত্ব নাই প্ৰশাসন তথা স্থানীয় বিধায়িকা নন্দিতা দাসৰ। আশ্ৰয় শিবিৰ সমূহত আজিৰ তাৰিখ পৰ্যন্ত প্ৰশাসনৰ লোকে ভৰি নোথোৱাৰ অভিযোগ বন্যাৰ্তৰ। দিয়া হোৱা নাই বান সাহায্যৰ এমুঠি চাউল। জীৱ জন্তুৰ সৈতে আশ্ৰয় শিবিৰ সমুহত আজিও সহাৱস্থান কৰিছে বানাক্ৰান্ত শ শ পৰিয়ালে।

আশ্ৰয় শিবিৰসমূহত খোৱাপানীৰ কোনো ব্যৱস্থা নথকাত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন। অৱশ্যে এনে বন্যাৰ্তৰ ওচৰত দেওবাৰে থিয় দিয়ে ছমৰীয়া আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি দল এটাই। বানাক্ৰান্ত সকলৰ এনে দুৰ্গতিৰ সময়ত কিছু পৰিমাণে খোৱা, শিশু খাদ্য প্ৰদান কৰে প্ৰতিনিধি দলটোৱে। লগতে জিলা প্ৰশাসনক শিবিৰত থকা বানাক্ৰান্ত সকলক পৰ্যাপ্ত পৰিমাণৰ বান সাহায্য প্ৰদান কৰিবলৈও দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।