মিঃ এচিয়া ৰিংকু দাসক উষ্ম আদৰণি পাঠশালাত

 07/22/2019 - 16:19

বজালীঃ মিঃ এচিয়া খিতাপ দখল কৰা বজালী সন্তান ৰিংকু দাসক পাঠশালাত উষ্ম আদৰণিl বাংগালুৰু ত অনুষ্ঠিত আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত ৰিংকুৱে লাভ কৰিছে মি.এচিয়া খিতাপl ২০১৮ বৰ্ষতো মি. ইণ্ডিয়া খিতাপ লাভ কৰিছিল ৰিংকুৱে৷ অলিম্পিকলৈ নিৰ্বাচিত বজালী সন্তান গৰাকীl

দুখীয়া পৰিয়ালৰ ৰিংকুৰ অগ্ৰগতিৰ বাবে চৰকাৰক সহায় ভিক্ষা বিচাৰিছে ৰাইজেl পাঠশালা ৰঙালী বিহুৰ সদস্য ধৰ্মেন্দ্ৰ তালুকদাৰে ৰিংকুলৈ আজি আগবঢ়ায় পাঁচ হাজাৰ টকাl বজালী বিজেপিয়ে ৰিংকুক দিলে বজালী এক্সপ্ৰেছ আখ্যাl বজালী বিজেপি কাৰ্যালয়ত আজি ৰিংকুয়ে আনুষ্ঠনিক ভাৱে যোগদান কৰে বিজেপিৰ যুৱমৰ্চাতl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।