ৰঙিয়াত কৃষকে পাব বিনামূলীয়া কঠিয়াঃ মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰশংসনীয় পদক্ষেপ

 07/22/2019 - 16:45

ৰঙিয়াঃ ৰঙিয়াত কৃষকে পাব বিনামূলীয়া কঠিয়া। এই উদ্দেশ্য আজি ৰাজ্যৰ জলসিঞ্চন আৰু দুৰ্যোগপ্ৰশমন বিভাগৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা নামিল পথাৰত। মন্ত্ৰীগৰাকী আজি ৰঙিয়া তুলসীবাৰীত থকা কৃষি ফাৰ্মত উপস্থিত হৈ খেতিয়কৰ ৰূপত নামিল পথাৰত। মন্ত্ৰী কলিতাই ৰঙিয়াৰ প্ৰায় এক হেজাৰ কৃষকক বিনামূলীয়াকৈ কঠিয়া যোগান ধৰাৰ উদ্দেশ্য কঠিয়াৰ বাবে ধান সিঁচে৷ এই সংক্ৰান্তত মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে কৃষকসকলৰ জীৱিকাৰ মূল আশা কঠিয়াখিনি।

কিন্তু শেহতায়াকৈ হৈ যোৱা প্ৰলয়ংকৰী বানে ৰাজ্যৰ প্ৰায়বোৰ ঠাইৰ লগতে ৰঙিয়াত কঠিয়াসমূহ নষ্ট কৰাত কৃষকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ যাৰ ফলত বছৰটো জীয়াই থকাৰ চিন্তাত খেতিয়ক সকল দিশহাৰা হৈ পৰিছে। খেতিয়কসকলক কেনেদৰে এনে চিন্তাৰ পৰা অলপ হলেও সকাহ দিব পৰা যায় তাৰ বাবে এক চিন্তা চৰ্চা কৰি এনেদৰে তুলসীবাৰী কৃষি ফাৰ্মত ৫০ বিঘা মাটিত কঠিয়া পৰাৰ ব্যৱস্থা কৰে ভৱেশ কলিতাই৷ মন্ত্ৰীগৰাকীয়ে আৰু জানিবলৈ দিয়া মতে কৃষকসকলক ইয়াৰ জৰিয়তে বিনামূলীয়াকৈ কঠিয়াৰ যোগান ধৰিব পাৰিলে নিশ্চয় উপকৃত হ’ব বুলি উল্লেখ কৰে। মন্ত্ৰী ভৱেশ কলিতাৰ এনে পদক্ষেপত ৰঙিয়াৰ কৃষক ৰাইজ উৎসাহিত হৈ পৰা দেখা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।