ছয়গাঁৱত মাছ মাৰিবলৈ গৈ সলিল সমাধি এজনৰ

 07/22/2019 - 17:26

ছয়গাঁওঃ মাছ মাৰিবলৈ গৈ দ খাৱৈত পৰি সলিল সমাধি এজনৰ৷ মৃত লোকজন নেপালৰ জীৱন চেত্ৰী। নেপালত ঘৰ যদিও গুৱাহাটীৰ কামাখ্যাত বাস কৰিছিল তেওঁ৷

কামাখ্যাত ফটোগ্ৰাফাৰ হিচাপে কাম কৰিছিল জীৱন চেত্ৰীয়ে৷ আজি পুৱা পৰিবাৰসহ মথুৰাপুৰীৰ কুটুমৰ ঘৰলৈ আহিছিল তেওঁ৷ এই শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।