কংগ্ৰেছৰ হৈ নিৰ্বাচনত অভিনেত্রী উৰ্মিলা

 03/26/2019 - 14:05

ডিজিটেল ডেস্ক: সমাগত নিৰ্বাচনত কংগ্ৰেছৰ হৈ নিৰ্বাচনত নামিব বলিউডৰ মোহময়ী অভিনেত্রী উৰ্মিলা মাতোণ্ডকৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলে যোগ দিছে ৰাজনৈতিক দলসমূহত। এই ক্ষেত্রত পিছ পৰি থকা নাই অভিনেত্রীসকলো।

জানিব পৰা মতে, উৰ্মিলাক কংগ্ৰেছে উত্তৰ মুম্বাই লোকসভা সমষ্টিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব। এই লোকসভা সমষ্টিটোত বিজেপিয়ে গোপাল ছেট্টীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত উত্তৰ মুম্বাইৰ মাৰাঠী অভিনেত্ৰী আশাৱৰী যোশী আৰু শিল্পা ছেণ্ডীয়েও কংগ্ৰেছৰ পৰা টিকট বিচাৰিছে।

কিন্তু বৰ্তমানলৈ দলে কাক টিকট দিব সেইয়া নিশ্চিত হোৱা নাই। এই ক্ষেত্রত কোনো মন্তব্য কৰা নাই অভিনেত্রীগৰাকীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।