প্ৰতিবিম্ব লাইভৰ বাতৰিৰ প্ৰভাৱঃ বানপীড়িতই লাভ কৰিলে সাহায্য

 07/22/2019 - 17:45

হাউলীঃ প্ৰতিবিম্ব লাইভৰ বাতৰিৰ প্ৰভাৱ, আমাৰ বাতৰিৰ পাছতেই বৰপেটাৰ ভৱানীপুৰৰ শুকমানাহৰ বান শিবিৰ পৰিদৰ্শন কৰি সাহায্য প্ৰদান কৰিলে ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইনে। উল্লেখ্য যে দেওবাৰে শুকমানাহস্থিত পল্লাৰপাৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি থকা বন্যাৰ্তৰ দুৰ্দশাৰ বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলো।

যাৰ পৰিপ্ৰেক্ষিতত আজি ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি বিল্লাল হুছেইনে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ বুজলৈ ব্যক্তিগত ভাবে কিছু পৰিমানে খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে বানাক্ৰান্তৰ পৰ্যাপ্ত পৰিমানে ব্যৱস্থা লবলৈ চৰকাৰক দাবী জনায়। ইফালে বানপীড়িতই সাহায্য লাভ কৰি সভাপতিগৰাকীৰ শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।