বিধ্বস্ত গ্ৰামাঞ্চলৰ বাট পুনঃনিৰ্মাণৰ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী বাঘবৰ আৰু চেঙা সমষ্টিবাসীৰ

 07/22/2019 - 18:03

নগৰবেৰাঃ প্ৰলয়ংকৰী বানে সকলো ধুই নিলে সকলোৰে। মাত্ৰ এপষেকতে সকলো শেষ হৈ গ’ল ৰাজ্যবাসীৰ। বানত এতিয়া সকলো সৰ্বস্বান্ত। বিশেষকৈ ৰাজ্যৰ গ্ৰামাঞ্চলৰ লোকসকলৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হৈ পৰিছে। গ্ৰামাঞ্চলৰ আন্তঃগাঁঠনি তচনচ কৰিলে বলীয়া বানে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ দক্ষিণ পাৰৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ অৱস্থাও একেই। দুয়োটা সমষ্টিত চৰকাৰে আন্তঃগাঁথনি বিশেষকৈ বাট পথৰ উন্নয়নৰ বাবে যথেষ্ট গুৰুত্বাৰোপ কৰি বহু পথ নিৰ্মাণ কৰিছিল যদিও অধিকাংশ পথেই এতিয়া বিধ্বস্ত।

গ্ৰামাঞ্চলৰ পথেৰে এতিয়া যাতায়াত অসম্ভৱ হৈ পৰিছে। সকলো শ্ৰেণীৰ মানুহ ব্যাপক যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়া হৈছে। বাট পথৰ এনে অৱস্থাই গ্ৰামাঞ্চলৰ অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত। কিয়নো কৃষি প্ৰধান গ্ৰামাঞ্চলৰ খেতি পথাৰত উৎপাদিত কৃষিজাত সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব বিধ্বস্ত বাট পথে। আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব মধ্যভোগীয়ে। পৰিণতিত ৰাজ্যৰ অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাব। সেয়ে বান বিধ্বস্ত গ্ৰামাঞ্চলৰ বাট পুনঃনিৰ্মাণৰ ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।