ধুবুৰী ঝগৰাৰপাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ বান সাহায্যৰ সামগ্ৰী আত্মসাৎ

 07/22/2019 - 18:46

ধুবুৰীঃ বানপানী কমি অহাৰ লগে লগে ধুবুৰীৰ চৌদিশে বান সাহায্য বিতৰণত ব্যাপক আত্মসাৎৰ অভিযোগ। ধুবুৰী জিলাৰ বিভিন্ন গাঁও পঞ্চায়তত দিনক দিনে বৃদ্ধি পাই আহিছে বান সাহায্য বিতৰণত অনিয়ম। বানপীড়িত লোকসকলৰ মাজত চৰকাৰে মোকালাই দিয়া বান সাহায্য অনিয়মীয়া বাবে বিতৰণ কৰাত ৰাইজৰ মাজত এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত বাতৰি জানিব পৰা মতে, আজি ধুবুৰীৰ যোগৰাৰপাৰ গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলৰ ৰাইজে বান সাহায্য নাপাই পিছে ৰাইজে উপায়হীন হৈ উক্ত পঞ্চায়ত কাৰ্য্যালয়ত তালাচি চলাই কাৰ্যালয়ৰ এটা কোঠালীৰ পৰা বান সাহায্যৰ চাউল, দাইল উদ্ধাৰ কৰে। তাৰ পিছত কাৰ্যালয়টোত ৰাইজৰ লগত পঞ্চায়তৰ কৰ্মকৰ্তাৰ লগতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পিছে উপায়হীন ৰাইজে ২৩নং ধুবুৰীৰ সমষ্টিৰ বিধায়কক সকলো কথা অৱগত কৰে ইয়াৰ পিছত উক্ত পঞ্চায়ত কাৰ্য্যালয়ত বিধায়ক আৰু ধুবুৰীৰ চক্ৰ বিষয়া গৰাকীয়ে উপস্থিত হৈ বান সাহায্যৰ বুজ লয় লগতে দুৰ্নীতিত লিপ্ত হোৱা পঞ্চায়ত কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলোৰ ওপৰত তদান্ত হ’ব। সেয়ে তদান্তৰ পিছত জিলা প্ৰশাসনে কি সিদ্ধান্ত ল'ব সেয়া সময়ত লক্ষ্যণীয় হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।