জাজৰিত সত্রীয়া আৰু আধুনিক নৃত্যৰ কৰ্মশালাৰ সামৰণি

 07/22/2019 - 18:51

বটদ্ৰৱাঃ নটৰাজ ডান্স একাডেমীৰ উদ্যোগত, জাজৰি ঢলপুৰীয়া যুৱক সংঘ, অনন্ত পুথিভড়াল আৰু সামূহিক কেন্দ্ৰৰ সহযোগত যোৱা ৯ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা গ্ৰীষ্মকালীন সত্রীয়া আৰু আধুনিক নৃত্যৰ কৰ্মশালাৰ সামৰণি পৰে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ কৃষ্টি নৱ প্ৰজন্মৰ মাজত চৰ্চাৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা কৰ্মশালাৰ অন্তত এক সামৰনি অনুষ্ঠানত দেওবাৰে দিনৰ তিনি বজাৰ পৰা ঢলপুৰীয়া অনন্ত প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বিভিন্ন নৃত্যৰ প্ৰদৰ্শন কৰায়। সেই উদ্দেশ্যে অনুষ্ঠিত অনুষ্ঠানিক সভাত সভাপতিত্ব কৰে সমাজকৰ্মী প্ৰভাত বৰাই।

নটৰাজ ডান্স একাডেমীৰ অধ্যক্ষ ধৰ্মকান্ত কলিতাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত কৰ্মশালাত প্ৰশিক্ষণ দিয়া প্ৰশিক্ষক কল্যাণী বৰুৱা, পল কলিতা, অংকুৰজ্যোতি বৰদলৈ, কৃষ্ণা বণিয়া, নিতুমনি মজুমদাৰ আৰু নয়নতৃষ্ণা পাটৰক সম্বৰ্দ্ধনা জনায়। তাৰ পিছতেই প্ৰশিক্ষনত ভাগলোৱা শিক্ষাৰ্থী সকলৰ মাজত নিজৰ নিজৰ পাৰদৰ্শীতা প্ৰদৰ্শন কৰাহয়। অনন্ত পুথিভড়ালৰ সক্ৰীয় সদস্য ৰিণ্টু বৰাই আঁতধৰা অমুষ্ঠানত মাজ জাজৰি গাঁও পঞ্চায়তৰ সভাপতি মিণ্টু কোঁৱৰ, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, মনোজ কুমাৰ বৰাই অংশগ্ৰহণ কৰে। সভাতেই প্ৰতিগৰাকী শিক্ষাৰ্থীকে আনুষ্ঠানীক ভাৱে মানপত্র প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।