শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ ২০১৯-২০ নাট্যবৰ্ষৰ আখৰাৰ শুভ নাট্যাৰম্ভ

 07/22/2019 - 18:58

নাজিৰাঃ উজনি অসমৰ শিৱসাগৰ জিলাৰ হাঁ‌হচৰা কুজিবালিত বিশ্ব শইকীয়াৰ প্ৰযোজনাত জন্মগ্ৰহণ কৰিছিল এটি আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে। বহুতো ঘাট-প্ৰতিঘাটৰ মাজেৰে নাট্যদলটিয়ে ২৬টা বৰ্ষত ভৰি দিলে। আৰম্ভণিৰে পৰা নাট্যদলটিয়ে ভিন্ন নাট্যকাৰৰ ভিন্ন ৰুচি সম্পন্ন নাটক তথা কেইবাজনো অভিনেতা-অভিনেত্ৰী অভিনয়েৰে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছে। ২০১৯-২০নাট্যবৰ্ষত নাট্যদলটিৰ প্ৰযোজনাৰ দায়িত্বত থাকিব মানস কলিতা।

এই বৰ্ষত নাট্যদলটিয়ে পাঠশালা বনগাঁ‌ৱৰ পৰা ২০১৯-২০নাট্যবৰ্ষৰ নাট্যযাত্ৰাৰ পাতনি মেলিব। শ্ৰীমন্ত শঙ্কৰদেৱ থিয়েটাৰৰ আজি ২২জুলাই তাৰিখে পাঠশালা বনগাঁ‌ৱৰ নৱনিৰ্মিত আখৰা গৃহত ২৭তম বৰ্ষৰ ২০১৯-২০নাট্যবৰ্ষৰ শুভ নাট্যাৰম্ভৰ পাতনি মেলিব। এই নাট্যবৰ্ষত নাট্যদলটিত দৰ্শকে দেখিবলৈ পাব যুৱ সাংবাদিক নাট্যকাৰ ৰাজদ্বীপৰ ৰচিত "বহাগ যদি নাহে",নাট্যকাৰ পল চন্দ্ৰ আজাদৰ ৰচিত নাটক "যজ্ঞভূমি",নাট্যকাৰ শৈলেন দাসৰ ৰচিত নাটক "মৰম"।নাট্যদলটিত থকা অভিনেতা অভিনেত্ৰী তালিকা খনো চকু লগা। অভিনেতা-অভিনেত্ৰী সকল ক্ৰমে বোলছবি জগতৰ অভিনেতা অৰূপ বৰা, নৱ প্ৰজন্মৰ ৰোমাণ্টিক জুতি টিংকু বৰা আৰু কাজল শৰ্মাৰ লগতে ভ্ৰাম্যমাণ নাট্যজগতৰ এদল ন-পুৰণি নাট্যযোদ্ধা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।