গহপুৰত পাঞ্চজন্য শিল্পী সমাজ আৰু পাঞ্চজন্য পোচাক ভাণ্ডাৰৰ বান সাহায্য বিতৰণ

 07/22/2019 - 19:04

গহপুৰঃ পাঞ্চজন্য শিল্পী সমাজ আৰু পাঞ্চজন্য পোচাক ভাণ্ডাৰ ডিফলু সত্ৰৰ সহযোগত ৪০ জন যুৱ ব্যক্তি বানাক্ৰান্ত ৰাইজৰ সহায়ৰ বাবে উপস্থিত হ'লহি গহপুৰৰ জকাপৰা,ছেত্ৰী চুবুৰী,ডেলহাউচী আৰু বিলতীয়াৰ একাংশ গাঁৱত। তেওঁলোকে বন্যাৰ্তসকলৰ বাবে নতুন বস্ত্ৰকে আদি কৰি চাউল, আলু, বিস্কুট, পানী, চাবোন, ফেনাইল, নেমু, ব্লিছিং, বন আদি সামগ্ৰী ৰাইজৰ মাজত বিতৰণ কৰে।

বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হোৱাত যুৱকসকলক বন্যাৰ্তসকলে অন্তৰভৰি আৰ্শীবাদ প্ৰদান কৰে। উল্লেখ্য যে উক্ত অনুষ্ঠানটোৰ সভাপতি প্ৰবীন বৰা, সম্পাদক জ্যােতি প্ৰসাদ বৰুৱা, সহ:সম্পাদক ধনমনি শইকীয়াকে ধৰি ৪০ জন যুৱ ব্যক্তিয়ে বান সাহায্য প্ৰদান কৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।