মৰিয়নীত ভূঁই ৰুই ৰাইজে উজাৰিলে ক্ষোভ

 07/22/2019 - 19:14

মৰিয়নীঃ মৰিয়নীৰ এখন গাঁৱত দেখিবলৈ পোৱা গল এক ব্যতিক্ৰমী দৃশ্য। গাঁৱৰ ৰাইজে একে লগে মিলি ভূই ৰুইছে। কিন্তু শাওনৰ পথাৰত নহয়। এটা পথত ভূই ৰূইছে গাঁওবাসীয়ে। বিধস্ত পথৰ বাবে জ্বলা কলা খাই বোকাময় পথত ভূঁই ৰুই অভিনৱ প্ৰতিবাদ জনালে মৰিয়নিৰ মাজু নগঞাবাসীয়ে।

গাঁৱৰ মাজেদি যোৱা একমাত্ৰ গড়কাপ্তানী পথটো বহু অনুনয় বিনয় কৰা সত্বেও অদ্যাপি পকী হৈ নুঠিল। প্ৰতিবছৰে বাৰিষা ৰাইজে  শ্ৰমদানৰে পথটো মেৰামতি কৰি অহাৰ পিচতো চৰকাৰ কিম্বা গড়কাপ্তানি বিভাগৰ গা নলৰিল। আনহাতে গাঁওবাসীয়ে এইবাৰো পকেটৰ ধন খৰচ কৰি পথটোত ইটা পেলাই মেৰামতি কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।