ৰহাৰ পথাৰে পথাৰে শাওনৰ সৌন্দৰ্য

 07/22/2019 - 19:24

ৰহাঃ এফালে বানৰ ধ্বংসলীলা, আনফালে শাওনৰ পথাৰৰ মনোৰম দৃশ্য। এতিয়া শালি ধানৰ ভৰপক বতৰ। এনে সময়ত বানে চাৰিওফালে চলাইছে তাণ্ডৱ। কিন্তু ইয়াৰ মাজতে বানে ঢুকি নোপোৱা পথাৰত দেখিবলৈ পোৱা গৈছে চহা খেতিয়ক পৰিয়ালৰ ব্যস্ততা। ৰহাৰ জৰাবাৰী মৌজাত প্ৰলয়ংকৰী বানে সকলো বিধ্বস্ত কৰাৰ বিপৰীতে খেতিৰ জুতি লাগিছে ৰহাৰ চহৰী, জাগীয়াল আদি মৌজাত। সেয়ে কৃষক ৰাইজ এতিয়া ব্যস্ত খেতি পথাৰত।

সোণগুটি ৰোপনত ব্যস্ত খেতিয়ক পৰিয়াল। পুৱাতেই গৰুহাল নাইবা ট্ৰেক্টৰ, পাৱাৰটিলা লৈ চহ কৰি বোকা কৰিছে খেতিপথাৰ আৰু তাৰপিচতেই জীয়ৰী বোৱাৰীয়ে ৰোপণ কৰিছে ধানৰ কঠিয়া। প্ৰখৰ ৰ'দতো হাঁহি মাতি আনন্দেৰে ৰুইছে সোণগুটিৰ কঠিয়া। কোনোবাজনীৰ মুখত আকৌ বিহুনামৰ কলি। মাজতে আকৌ হাঁচতিত বান্ধি নিয়া তামোল উলিয়াই মুখত লৈছে কোনোবাজনীয়ে।

ৰ'দ বৰষুণলৈ ভ্ৰুক্ষেপ নাই এইসকলৰ। খেতিয়েই এইসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল। খেতিয়েই এইসকলৰ আশা ভৰষাৰ থল। খেতিয়েই জীৱন। সেয়ে দিনৰ দিনটো এইসকল ব্যস্ত খেতি পথাৰত। হালোৱাই হাল বাইছে, কঠিয়া তোলাই কঠিয়া তুলিছে, ৰোৱণীয়ে ৰুইছে। গ্ৰাম্য চহা জীৱনৰ এক চিৰ পৰিচিত মনোৰম ছবি। ৰ'দ বৰষুণ কাটি কৰি, গাৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে চহা জীৱনে ৰচিছে ভৱিষ্যতৰ সপোন। বাকী সকলো নিয়তিৰ ওপৰত এৰি দিয়ে এইসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।