ধুবুৰীৰ গৈ-বজাৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

 07/22/2019 - 20:40

গৌৰীপুৰঃ ধুবুৰী জিলাৰ গৈ-বজাৰত বানাক্ৰান্ত ৰাইজে কৰিলে প্ৰতিবাদ। কিন্তু এই প্ৰতিবাদ দল-সংগঠনৰ প্ৰতিবাদ নহয়। বানৰ কবলত পৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত গৰু ছাগলীৰ লগত বসবাস কৰিব লগীয়া হৈছে বানাক্ৰান্তসকলে। কিন্তু খবৰ নাই জিলা উপায়ুক্তৰ। চৰকাৰী বান সাহায্য যোগান নধৰাৰ অভিযোগ বানাক্ৰান্তসকলৰ।

ধুবুৰীৰ বিভিন্ন অঞ্চলৰ বানাক্ৰান্ত প্ৰায় পাঁচ শতাধিকৰো অধিক লোকে চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ ঘণ্টীয়া প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰাক্তন মন্ত্ৰী মহিবুল হকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।